নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ক’ভিড ভেকচিন প্রদানৰ ৮৯টা কেন্দ্র

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  কেন্দ্রীয় চৰকাৰে ১৬ জানুৱাৰীৰ পৰা ক’ৰোনা ভাইৰাছ প্রতিৰোধী গণ টিকাকৰণ দেশজুৰি আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পিছতেই দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনে আজি উল্লেখ কৰিছে যে দেশৰ ৰাজধানী মহানগৰখনত ১৩ জানুৱাৰীৰ ভিতৰত ক’ভিড ভেকচিন পোৱা যাব৷ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে আগন্তুক ১৬ জানুৱাৰীৰ পৰা এই ভেকচিন প্রদানৰ বাবে ৮৯টা স্থান নিশ্চিত কৰিছে৷ প্রথম পর্যায়ত দিল্লীত ২ লাখ ২৫ হাজাৰতকৈ অধিক স্বাস্থ্য কর্মীক ক’ভিড ভেকচিন প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে জৈনে৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ৪০খন চৰকাৰী হাস্পতালত আৰু ৪৯খন ব্যক্তিগত হাস্পতালত ক’ভিড ভেকচিন প্রদান কৰা হ’ব৷ আজি এক সংবাদ মেলত জৈনে উল্লেখ কৰা অনুসৰি প্রতিখন হাস্পতালতে একোটাকৈ ক’ভিড ভেকচিন প্রদানৰ কেন্দ্র থাকিব দিল্লীত৷ প্রতিটো কেন্দ্রতে ১০গৰাকীকৈ স্বাস্থ্য সেৱাকর্মী নিয়োগ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷

You might also like