নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক অর্ধনগ্ন কৰি ঘূৰালে ৰাজপথত

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : কেইমাহমান পূর্বে মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰি প্রকাশ্যে সমদল উলিওৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ এই ঘটনাক দেশজুৰি গৰিহণা দিয়া হৈছিল৷ শেহতীয়াকৈ কর্ণাটকৰ কালবুর্গিত এজন ছাত্রক অর্ধনগ্ন কৰি চহৰৰ ৰাস্তাত ঘূৰাই ফুৰালে হোষ্টেলৰ অন্য শিক্ষার্থীসকলে৷ এই ঘটনাক লৈ সমগ্র ৰাজ্যখনত সৃষ্টি হৈছে চাঞ্চল্য৷ কালবুর্গিৰ এটা ছাত্রাৱাসত শিক্ষার্থীসকলে আম্বেদকাৰৰ স্মৃতিত এক অনুষ্ঠানৰ আয়োজন কৰিছিল৷ তাত অংশগ্রহণ কৰিবলৈ ৰাজী হোৱা নাছিল ছাত্রাৱাসৰে অন্য এজন শিক্ষার্থী৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে শিক্ষার্থীসকল৷ অভিযোগ অনুসৰি, ছাত্রজনক আৱাসৰ পৰা বাহিৰলৈ আনি ২০–২৫জন শিক্ষার্থীয়ে পাশৱিকভাৱে প্রহাৰ কৰে৷ ইয়াৰ পাছতে অর্ধনগ্ন কৰি চহৰখনৰ পথত খোজ কঢ়াই ফুৰায় শিক্ষার্থীসকলে৷ অকল সেয়াই নহয়, আম্বেদকাৰৰ স্মাৰক অনুষ্ঠানত অংশগ্রহণ নকৰাৰ বাবে শাস্তি হিচাপে আম্বেদকাৰৰ প্রতিকৃতি ছাত্রজনক মূৰত ল’বলৈ বাধ্য কৰোৱা হয়৷ ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত শিক্ষার্থীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ অৱশ্যে অভিযুক্তসকল প্রত্যেকেই নাবালক বুলি সংবাদ মাধ্যমক জনাইছে আৰক্ষীয়ে৷ তথাপি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ৷

You might also like