নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আসন্ন ক’ভিডৰ তৃতীয় জোৱাৰঃ আইএমএ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ হাৰ নিম্নগামী হোৱাৰ পাছতেই দেশজুৰি ক’ভিড–১৯ নির্দেশনাৰ শিথিলতাক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ)ই৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ আসন্ন, এই জোৱাৰ অনিবার্য বুলি জানিও বিশেষজ্ঞৰ সকীয়নিৰ পাছতো ‘ছুপাৰ স্প্রেডাৰ’ কার্যসূচী বিশেষকৈ ধর্মীয় স্থানৰ কার্যসূচী আৰু পর্যটন স্থানসমূহত ক’ভিড প্রট’কলক অৱজ্ঞা কৰা সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি আই এম এয়ে এই সকীয়নিক উপেক্ষা নকৰিবলৈ কেন্দ্র আৰু ৰাজ্যসমূহক আহ্বান জনাইছে৷

পর্যটক আৰু তীর্থযাত্রীসকলে অপেক্ষা কৰিব পাৰে বুলি সকীয়াই দি আই এম এয়ে কয় যে পৰৱর্তী দুই–তিনি মাহ অতি জটিল সময়৷ এনে ক্ষেত্রত কোনো সুযোগ ল’ব নালাগে৷ অর্থাৎ ক’ভিড প্রট’কলৰ ক্ষেত্রত শিথিলতা আনিব নালাগে৷ আই এম এৰ বিবৃতিত কেন্দ্র আৰু ৰাজ্যসমূহক সকীয়াই দি কয় দেশে বিনাশক দ্বিতীয় জোৱাৰৰ পৰা আধুনিক চিকিৎসা সুবিধা আৰু ৰাজ্যনৈতিক নেতৃত্বৰ বিবেচনাধীন পদক্ষেপৰ পৰা উঠাব পাৰিছে৷

আন্তর্জাতিক সাক্ষ্য আৰু যিকোনো মহামাৰীৰ ইতিহাসমর্মে তৃতীয় জোৱাৰ অনিবার্য আৰু আসন্ন৷ অৱশ্যে এইটো বেদনাদায়ক যে ক’ভিড প্রট’কলক অনুসৰণ নকৰাকৈ দেশৰ ভিন্ন প্রান্তত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে ৰাজহুৱা স্থানত জনতাৰ বৃদ্ধি কৰিছে৷ তদুপৰি বিবৃতিত উল্লেখ কৰে যে পর্যটন, তীর্থযাত্রীৰ ভ্রমণ, ধর্মীয় কার্যসূচী সকলো আৱশ্যক৷ কিন্তু কিছুমানৰ কাৰণে অপেক্ষা কৰিব পাৰে৷ টিকাকৰণ নোহোৱাকৈ ধর্মীয় কার্যসূচী আৰু ৰাজহুৱা কার্যসূচীত জনতাৰ ভিৰ বৃদ্ধিয়ে ক’ভিড তৃতীয় জোৱাৰৰ কাৰণে ছুপাৰ স্প্রেডাৰৰ সম্ভাৱনা প্রকট কৰি তোলে৷

বিগত ডেৰ বছৰৰ অভিজ্ঞতাই ক’ভিড টিকাকৰণ নিশ্চিত কৰাৰ লগতে ক’ভিড সঠিক আচৰণ মানি চলিলে যে ক’ভিড তৃতীয় জোৱাৰৰ প্রভাৱৰ পৰা দেশ ৰক্ষা পৰিব বুলি বিবৃতিত প্রকাশ কৰিছে৷ ক’ভিড যুঁজ ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়া আৰু জনসমাগম নিয়ন্ত্রণ কৰাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভিজন সকলো ৰাজ্যই মানি চলিব লাগে বুলিও কয় আই এম এৰ সভাপতি ডাঃ জ’নৰোজ অষ্টিনে৷

ইপিনে, দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ হাৰ নিম্নগামী হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৩৭,১৫৪জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩৯,৬৪৯জন লোক সুস্থ হৈ উঠিছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাসহ দেশত মুঠ আক্রান্তৰ সংখ্যা ৩,০৮,৭৪,৩৭৬জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩,০০,১৪,৭১৩জন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সুস্থতাৰ হাৰ ৯৭.২২ শতাংশলৈ বৃদ্ধি পাইছে৷ দেশত বর্তমান সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,৫০,৮৯৯জন৷ অর্থাৎ মুঠ আক্রান্তৰ ১.৪৬ শতাংশ৷ আনহাতে, যোৱা ২৪ ঘণ্টাত ৭২৪জনৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৪,০৮,৭৬৪জনলৈ বৃদ্ধি পাইছে৷

You might also like