নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইসপ্তাহমানৰ ভিতৰতে ভাৰতত উপলব্ধ হ’ব তিনিটা দেশীয় ভেকচিন 

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ঘাতক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতীয়ই শীঘ্রে এক নিৰাপদ, কম মূল্যৰ আৰু ফলপ্রসূ ভেকচিন লাভ কৰিব৷ অহা কেইসপ্তাহমানৰ ভিতৰতেই দেশত ভেকচিন উপলব্ধ হ’ব৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ক’ভিড–১৯ টিকাকৰণৰ ৰণনীতি সন্দর্ভত আজি ভার্চুৱেলযোগে সর্বদলীয় বৈঠক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ ভেকচিনক লৈ এই আশ্বাস দিয়ে৷ এক নিৰাপদ আৰু বহনক্ষম ভেকচিন বিকশিত কৰাৰ কাৰণে ভাৰতৰ পিনে বিশ্বই দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতীয় বিজ্ঞানী আৰু গৱেষকে প্রভাৱশালী ক’ভিড–১৯ ভেকচিন  বিকশিত কৰি সফলতা লাভ কৰাটো নিশ্চিত আৰু তেওঁলোকৰ এইক্ষেত্রত আত্মবিশ্বাস অধিক দৃঢ়৷

বিজ্ঞানী আৰু গৱেষকক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রীগৰাকীয়্ শীর্ষ বিজ্ঞানীসকলৰ পৰা অনুমোদন পালেই দেশত ভেকচিন উপলব্ধ হ’ব আৰু দেশে ক’ভিড–১৯ টিকাকৰণ অভিযান আৰম্ভ কৰিব৷ সুৰক্ষাৰ ক্ষেত্রত কোনো আপোচ নকৰে বুলি স্পষ্ট কৰি দি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯ ভেকচিন প্রথমতে স্বাস্থ্যকর্মীক  প্রদান কৰা হ’ব৷ ইয়াৰ পাছত ক’ৰোনা যুঁজৰ অগ্রণী কর্মীসকলক প্রদান কৰা হ’ব৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্যমন্ত্রী হর্ষবর্ধন আৰু স্বাস্থ্য মন্ত্রালয়ৰ সচিবসকলৰ উপস্থিতিত পুৱা ১০.৪৫ বজাত সর্বদলীয় বৈঠক সম্বোধন কৰা প্রধানমন্ত্রী মোদীয়ে আহমেদাবাদ, পুনে আৰু হায়দৰাবাদৰ ভেকচিন প্রস্তুত কৰা গৱেষণাগাৰ পৰিদর্শন কৰাৰ অভিজ্ঞতাৰ বিষয়েও সদৰী কৰে৷ ভেকচিন প্রয়োগৰ বাবে সাজু হৈ উঠাৰ পূর্বে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত কেনেধৰণৰ লোকক টিকাকৰণ কৰা হ’ব আৰু ভেকচিনৰ মূল্য কিমান নির্ধাৰণ কৰা হ’ব, সেই সন্দর্ভত একেলগে কাম কৰি আছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ দেশত তিনিটা থলুৱাভাৱে বিকশিত ভেকচিনসহ মুঠ ৮টা ভেকচিনৰ বিভিন্ন পর্যায়ৰ পৰীক্ষণ চলি আছে আৰু এই ভেকচিনকেইটা ভাৰততেই উৎপাদন কৰা হ’ব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷

টিকাকৰণ অভিযানৰ বাবে এটা ৰাষ্ট্রীয় বিশেষজ্ঞৰ গোট গঠন কৰা হৈছে বুলি উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে এই বিশেষজ্ঞ গোটটোত কাৰিকৰী বিশেষজ্ঞ আৰু কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ উভয়ৰে বিষয়া অন্তর্ভুক্ত কৰা হৈছে৷ ৰাষ্ট্রীয় আৰু আঞ্চলিক পর্যায়ত টিকাকৰণ অভিযানৰ সিদ্ধান্ত গ্রহণ কৰিব ৰাষ্ট্রীয় বিশেষজ্ঞ গোটটোৱে৷ জনসাধাৰণৰ স্বাস্থ্যক সর্বাধিক প্রাধান্য দি থকা কেন্দ্রই টিকাকৰণ অভিযান অর্থাৎ ভেকচিন বিতৰণক লৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে উমৈহতীয়াভাৱে কাম কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘ভেকচিন বিতৰণৰ কাৰণে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ দলে একেলগে কাম কৰি আছে৷ আন দেশৰ তুলনাত ভাৰতৰ ভেকচিন বিতৰণৰ ক্ষেত্রত সক্ষমতা আছে৷ টিকাকৰণৰ ক্ষেত্রখনত দেশৰ এটা বিশাল আৰু অভিজ্ঞ নেটৱর্ক আছে৷’

আনপিনে, টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ লগে লগে উৰাবাতৰি বিয়পি পৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি প্রধানমন্ত্রী মোদীয়ে এনে উৰাবাতৰি ৰোধৰ বাবে সকলো ৰাজনৈতিক দলৰ দায়িত্ব আছে বুলি কয়৷ জনতা আৰু ৰাষ্ট্রীয় স্বাস্থ্যৰ বিৰুদ্ধে গৈ টিকাকৰণক লৈ উৰাবাতৰি প্রচাৰ কৰাটোৰ বিৰুদ্ধে দেশবাসী সজাগ হৈ থাকিব লাগিব৷ তদুপৰি এইক্ষেত্রত ৰাজনৈতিক দলসমূহৰ দায়বদ্ধতা অধিক বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ কংগ্রেছ, তৃণমূল কংগ্রেছ, ডি এম কে, ৱাই এছ আৰ কংগ্রেছ পার্টী, জে ডি (ইউ), বিজেডি, শিৱসেনা, টি আৰ এছ, বি এছ পি, এছ পি, এ আই এ ডি এম কে আৰু বিজেপিৰ প্রতিনিধিয়ে সর্বদলীয় বৈঠকত অংশগ্রহণ কৰে৷ ৰাজনৈতিক দলসমূহৰ পৰামর্শক আধাৰ কৰিয়েই দেশত টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে সকলো দলৰ পৰা সঠিক আৰু ক্ষিপ্রতৰ টিকাকৰণৰ নিশ্চিতিৰ বাবে সমর্থন বিচাৰে৷

ক’ভিড–১৯ যুঁজত সকলো দলৰ নেতৃত্বই মূল্যৱান অৱদান আগবঢ়োৱাৰ বাবে ৰাজনৈতিক নেতৃত্বক প্রধানমন্ত্রীগৰাকীয়্ ধন্যবাদ জ্ঞাপন কৰে৷ টিকাকৰণ অভিযান সন্দর্ভত সর্বদলীয় বৈঠকত প্রধানমন্ত্রীগৰাকীয়্ দেশবাসীক ঘাতক ক’ভিড–১৯ ভাইৰাছক প্রতিহত কৰিবলৈ ক’ভিড–১৯ নির্দেশনা মানি চলি সজাগ হ’বলৈ আহ্বান জনায়৷ বৈঠকত প্রধানমন্ত্রী মোদীয়ে বৈজ্ঞানিকভিত্তিক পৰীক্ষণ গ্রহণ কৰাৰ বাবেই দেশত পৰীক্ষণ বৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ প্রসংগ উল্লেখ কৰি সম্প্রতি দেশত ক’ভিড–১৯ত আক্রান্তৰ হাৰ হ্রাস পোৱাৰ লগতে মৃত্যুৰ হাৰো হ্রাস পোৱা বুলি কয়৷ উল্লেখ্য যে আজি প্রধানমন্ত্রী মোদীয়ে টিকাকৰণ ৰণনীতিক লৈ সর্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পূর্বে ক’ৰোনা ভাইৰাছ আৰু লাডাখত ভাৰত–চীনৰ সংঘাতক লৈ সর্বদলীয় বৈঠক আয়োজন কৰিছিল৷

You might also like