নিৰ্জন দ্বীপত ৩৩ দিন নাৰিকল খাই প্ৰাণৰক্ষা তিনি পুৰুষ-মহিলাৰঃ উদ্ধাৰ উপকূলৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ এটা নিৰ্জন দ্বীপৰ পৰা দুগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰে আমেৰিকান উপকৃলৰক্ষীয়ে। জানিব পৰা মতে, ৩৩ দিন ধৰি উক্ত নিৰ্জন দ্বীপটোত আছিল লোক তিনিগৰাকী।
যোৱা সোমবাৰৰ ঘটনা এয়া। নাও দুৰ্ঘটনাৰ বাবে লোককেইগৰাকীয়ে সাঁতুৰি উক্ত সৰু দ্বীপটোত আশ্ৰয় লয়। সোমবাৰে দ্বীপটোৰ ওপৰত এগৰাকী উপকূলৰক্ষীয়ে হেলিকপ্টাৰেৰে নিয়মীয়াকৈ টহল দি থকা সময়ত তেওঁলোকক প্ৰত্যক্ষ কৰে।
কাপোৰ জোকাৰি দ্বীপত আবদ্ধ হৈ থকা লোককেইগৰাকীয়ে হেলিকপ্টাৰখনৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অৱশেষত উপকূলৰক্ষীগৰাকীয়ে তেওঁলোকক উদ্ধাৰ কৰে।
নাও দুৰ্ঘটনাৰ বাবে দ্বীপত আশ্ৰয় লোৱা লোককেইগৰাকী কিউবাৰ নাগৰিক। আংগিলা কে নামৰ নিৰ্জন দ্বীপটোৰ পৰা উদ্ধাৰ কৰা উপকূলৰক্ষীগৰাকীৰ এই কাৰ্য এতিয়া বিশ্বজুৰি প্ৰশংসিত হৈছে।
উল্লেখ্য, দ্বীপটোত ৩৩ দিনীয়া জীৱন অতিবাহিত কৰা তিনিওগৰাকী লোকে কেৱল নাৰিকল খাই জীয়াই আছিল।