নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ তাজমহল দৰ্শনৰ বাবে যাম বুলি ভাবিছে যদি পকেটত কেইটামান টকা বেছিকৈ লওক। কিয়নো আগ্ৰা প্ৰশাসনে পুনৰ প্ৰৱেশৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। পৰ্যটকসকলে এতিয়াৰে পৰা তাজমহল দৰ্শনৰ বাবে অধিক ধন ব্যয় কৰিব লাগিব। এইবাৰ, কেৱল বিদেশী পৰ্যটকেই নহয়, দেশৰ পৰ্যটকসকলেও অধিক মূল্যত টিকট কিনিব লাগিব আৰু তাজমহলত প্ৰৱেশ কৰিব লাগিব।
বৰ্তমান, ঘৰুৱা পৰ্যটকসকলে ৫০ টকাৰ টিকটত তাজমহল দৰ্শনৰ সুযোগ লাভ কৰে। কিন্তু এইবাৰ টিকটৰ মূল্য ৮০ টকালৈ বৃদ্ধি হ’ব।
আনহাতে বিদেশী পৰ্যটকৰ টিকটৰ মূল্য ১,১০০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা হ’ব ১,২০০ টকা।
তদুপৰি, আগ্ৰা প্ৰশাসনে কৈছে যে যিসকলে তাজমহলৰ মুখ্য গেটত প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকে অতিৰিক্ত ২০০ টকা পৰিশোধ কৰিব লাগিব। আগ্ৰাৰ বিভাগীয় আয়ুক্ত অমিত গুপ্তাই কয়, “ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI) ইতিমধ্যে তাজমহলৰ মুখ্য গেটত প্ৰৱেশ কৰাৰ বাবে ২০০ টকা লয়। কিন্তু এতিয়াৰ পৰা পৰ্যটকসকলে অতিৰিক্ত ২০০ টকা পৰিশোধ কৰিব লাগিব।”
অৰ্থাৎ বিশ্বৰ সপ্তম আশ্চর্যৰ সৌন্দৰ্য চাবলৈ হ’লে পৰ্যটকসকলে এতিয়াৰে পৰা মুঠ ব্যয় কৰিব লাগিব ৪৮০ টকা। বিপৰীতে বিদেশী পৰ্যটকসকলে মুঠ ১৬০০ টকা ব্যয় কৰিব লাগিব।