তিহাৰত আত্মহত্যাৰ চেষ্টা গীতা আৰোৰাৰ
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ কুখ্যাত মানৱ সৰবৰাহকাৰী চনু পঞ্জাৱনী ওৰফে গীতা আৰোৰাই আজি তিহাৰ জে’লত আত্মহত্যাৰ চেষ্টা চলায়৷ উল্লেখনীয় যে অপহৰণ, মানৱ সৰবৰাহ আৰু পতিতা বৃত্তি চলোৱাৰ গোচৰত দিল্লীৰ এখন আদালতে দোষী সাব্যস্ত কৰিছিল গীতা আৰোৰাক৷ কাৰাগাৰত বিহপান কৰি মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলায় বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ তাৎক্ষণিকভাৱে গীতা আৰোৰাক দীনদয়াল হাস্পতাললৈ প্রেৰণ কৰা হয়৷ শেহতীয়াকৈ চিকিৎসকে সদৰী কৰা অনুসৰি বিপদমুক্ত হৈছে চনু পঞ্জাৱন ওৰফে গীতা৷ উল্লেখনীয় যে দেশৰ ৰাজধানী মহানগৰ দিল্লীত বিভিন্ন অপৰাধী কাণ্ডত জড়িত হৈ পৰিছিল মহিলাগৰাকী৷ সহযোগী সন্দীপ বেদৱালৰ সৈতে দিল্লীত নাৰী সৰবৰাহ চক্র গঢ়ি তুলিছিল গীতাই৷ গীতাৰ বিৰুদ্ধে আদালতে শাস্তিৰ ৰায় এতিয়াও ঘোষণা কৰা নাই যদিও কেইবাটাও গোচৰত দোষী সাব্যস্ত হোৱা মহিলাগৰাকীৰ যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷