বিশ্বযুদ্ধৰ সময়ৰ বোমা বিস্ফোৰণত জার্মানীত আহত চাৰিজন
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ জার্মানীৰ মিউনিখ চহৰৰ এক ৰে’লপথ নির্মাণস্থলীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা এটা বিস্ফোৰণৰ ফলত কমপক্ষেও চাৰিজন লোক আহত হয়৷ উল্লেখ্য যে মিউনিখৰ প্রধান ৰে’ল ষ্টেচনৰ সমীপৰ এক নির্মাণক্ষেত্রত এই বিস্ফোৰণটো সংঘটিত হৈছে৷ ৰে’ল বিভাগৰ কর্মীসকলে ড্রিলিঙৰ কাম কৰি থকাৰ সময়তে বোমাটোৰ বিস্ফোৰণ ঘটে বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ বিস্ফোৰণৰ পিছতে কেইবাখনো ৰে’লৰ সেৱা বাতিল কৰা হয়৷ স্মর্তব্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিস্ফোৰণ নোহোৱা বহু বোমা জার্মানীত পৰৱর্তী সময়ত উদ্ধাৰ হৈছে৷