কর্ণাটকৰ পাঠ্যপুথিৰ টিপু চুলতানৰ অধ্যায় আঁতৰালে চৰকাৰে
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ কর্ণাটকৰ সপ্তম শ্রেণীৰ পাঠ্যপুথিৰ পৰা ১৮ শতিকাৰ মহীশূৰৰ শাসক টিপু চুলতান আৰু তেওঁৰ পিতৃ হাইদৰ আলীৰ অধ্যায়টো আঁতৰ কৰা হৈছে৷ ক’ভিড–১৯ মহামাৰীৰ বাবে ২০২০–২১ শৈক্ষিক বর্ষত পাঠ্যক্রম হ্রাস কৰাৰ সিদ্ধান্ত মর্মে চৰকাৰখনে টিপু চুলতানৰ অধ্যায়টো সপ্তম শ্রেণীৰ পৰা আঁতৰ কৰে৷ অৱশ্যে ষষ্ঠ শ্রেণী আৰু দশম শ্রেণীৰ পাঠ্যপুথিত এই টিপু চুলতানৰ অধ্যায়টো এতিয়াও আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা নাই৷ কর্ণাটকৰ পাঠ্যপুথি ছ’চাইটী (কেটিবিএছ)–এ সপ্তম শ্রেণীৰ সমাজ বিজ্ঞানৰ পৰা এই অধ্যায়টো প্রত্যাহাৰ কৰা বুলি প্রকাশ কৰিছে৷