নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মহিলা যাত্রীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অন্ধ্র প্রদেশৰ তিৰুপতি চহৰত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ চহৰখনত মহিলা যাত্রীসকলৰ বাবে সুকীয়া অটো ষ্টেণ্ড গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই অটো ষ্টেণ্ডত কেৱল মহিলা যাত্রীসকলৰ বাবে অটোৰিক্সাৰ ব্যৱস্থা কৰা হ’ব আৰু অটোচালকসকলো হ’ব মহিলা৷ ইতিমধ্যে এই অটো ষ্টেণ্ড আৰম্ভ হৈছে৷ চহৰখনৰ বিভিন্ন স্থানলৈ মহিলা অটোচালকসকলে যাত্রীসকলক অনা–নিয়া কৰিব৷ ইয়াৰ ফলত অপৰাধ হ্রাস পাব বুলি ধাৰণা কৰা হৈছে৷