নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাৱাঙলৈ ক্ষেপণাস্ত্র টোঁৱাই চীনৰ সমৰসজ্জা

ড্রেগন বাহিনীৰ সামৰিক তৎপৰতাৰ বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষক কেন্দ্র কৰি চীন–ভাৰতৰ সংঘাত অব্যাহত থকাৰ সময়তে প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ত সামৰিক কৌশলগতভাৱে তৎপৰ হৈ আছে আগ্রাসী ড্রেগন বাহিনী৷ সংঘাত নিৰাময়ৰ হকে উভয় দেশে সামৰিক পর্যায়ত ধাৰাবাহিক আলোচনা চলাই গৈছে যদিও বেইজিঙে যেন ‘যুদ্ধবাজ’ মানসিকতা পৰিহাৰ কৰা নাই৷ লাডাখৰ পৰা অৰুণাচল প্রদেশ সীমান্তলৈ পিপলছ লিবাৰেচন আর্মী (পিএলএ) তথা ঝি জিনপিং চৰকাৰৰ বিভিন্ন কুচকাৱাজে কার্যতঃ এই কথাকেই প্রতীয়মাণ কৰিছে৷ অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তত চীনৰ বৃহৎ সমৰসজ্জাৰ কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে অতি শেহতীয়াকৈ৷ যুদ্ধকালীন পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ সীমান্তৱর্তী এলেকাৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে আন্তঃগাঁথনি গঢ়ি তোলাতেই ৰঙা চীন ক্ষান্ত থকা নাই৷ চীন সীমান্তৱর্তী অৰুণাচল প্রদেশৰ টাৱাঙক লক্ষ্য কৰি পিএলএই ক্ষেপণাস্ত্রও টোঁৱাই ৰাখিছে৷ এই কথা প্রকাশ পাইছে খোদ চীনৰ চৰকাৰী সংবাদ পত্র ‘গ্ল’বেল টাইমছ’ৰ শেহতীয়া এক প্রতিবেদন৷ ‘গ্ল’বেল টাইমছ’ত উল্লেখ কৰা অনুসৰি টাৱাঙৰ পৰা অতি কম দূৰত্বত চীনৰ দিশে সংস্থাপন কৰি ৰখা হৈছে ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্র৷ প্রধানতঃ ভাৰতৰ সম্ভাব্য ‘এয়াৰষ্ট্রাইক’ প্রতিহত কৰিব পৰাকৈ এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি ‘গ্ল’বেল টাইমছ’ৰ প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ এনেদৰে ক্ষেপণাস্ত্র সংস্থাপনৰ সমান্তৰালভাৱে ভাৰতবিধোৰী সমৰসজ্জাৰ অংশস্বৰূপে অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তত ড্রেগন বাহিনীয়ে গ্রহণ কৰিছে আন কেতবোৰ পদক্ষেপ৷ ‘গ্ল’বেল টাইমছ’ৰ একেখন প্রতিবেদনত এই সন্দর্ভত দাবী কৰা মতে অৰুণাচল প্রদেশ আৰু চুবুৰীয়া ৰাষ্ট্র ভূটান সংলগ্ণ ৯৬খন গাঁও ইতিমধ্যে খালী কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ এই গাঁওকেইখন হ’ল দক্ষিণ–পশ্চিম চীনৰ শ্বান্নান প্রদেশৰ অন্তর্গত৷ গাঁওসমূহৰ বাসিন্দাসকলক ইতিমধ্যে সীমান্তৰ পৰা সুৰক্ষিত দূৰত্বলৈ স্থানান্তৰৰ প্রক্রিয়া অব্যাহত ৰাখিছে চীনে৷ গাঁওবাসীক নতুনকৈ সংস্থাপন কৰিবলগীয়া স্থানত বিদ্যুৎ, খোৱাপানী আৰু ইণ্টাৰনেটৰ সুবিধা চৰকাৰীভাৱে প্রদান কৰা হৈছে৷ নতুন স্থানত নির্মাণকার্য সম্পূর্ণ কৰা তথা সীমান্তৰ পৰা গাঁওবাসীক স্থানান্তৰৰ প্রক্রিয়াটো অহা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত সম্পন্ন কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে বেইজিঙে৷ উল্লেখ্য যে ইতিপূর্বে একাধিকবাৰ পিএলএই সীমান্ত অতিক্রম কৰি অৰুণাচল প্রদেশৰ ভূখণ্ডত প্রৱেশ কৰিছে৷ চীনে অৰুণাচল প্রদেশৰ টাৱাং অঞ্চলটো নিজৰ চাৰিসীমাৰ ভিতৰৰ বুলি দাবী কৰি আহিছে৷ বেইজিঙৰ মতে এই অঞ্চলটো দক্ষিণ তিব্বত৷ ১৯৬২ চনৰ যুদ্ধৰ সময়ত ড্রেগন বাহিনীৰ টাৱাঙত প্রৱেশ ঘটিছিল৷ চীনৰ শেহতীয়া এই বৃহৎ সমৰসজ্জাৰ পৰিপ্রেক্ষিতত ১৯৬২ চনৰ পুনৰাবৃত্তি ঘটাৰ আশংকা নুই কৰিব নোৱাৰি৷ মন কৰিবলগীয়া যে উত্তৰ অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তৱর্তী এলেকাৰ টিৰকাঙৰ পৰা শ্বিয়ুং–লালৈ চীনে পথ নির্মাণকে ধৰি কেইবাটাও বৃহৎ প্রকল্পৰ কাম অব্যাহত ৰাখিছে৷ বিশেষকৈ টিৰকাঙত দুটাকৈ বৃহৎ মোবাইল ফোনৰ টাৱাৰ স্থাপন আৰু শ্বিগাষ্টে বিমানবন্দৰ পুনৰ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ কেৱল ৰিকাজে অঞ্চলতে ৩৯টাকৈ পথ নির্মাণ কৰি থকা হৈছে৷ সেইদৰে ছিচুৱান–তিব্বত ৰে’লৱে প্রকল্পৰো নির্মাণকার্য ৫২দিনীয়া লকডাউনৰ পিছত পুনৰ আৰম্ভ কৰিছে৷ তদুপৰি লাছাত এটা মোবাইল ডাটা চেণ্টাৰ প্রকল্পৰ প্রথম পর্যায়ৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ অহা বছৰৰ জুন মাহত সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা এই প্রকল্পটোক যথেষ্ট অগ্রাধিকাৰ দিছে চীনে৷ সেইদৰে অৰুণাচল সীমান্তৰ পৰা অতি কম দূৰত্বৰ লুঞ্জে প্রদেশৰ য়ুমেত ইএলএ আৰু স্থানীয় নাগৰিকে যুটীয়াভাৱে অব্যাহত ৰাখিছে এটা আৱাসিক প্রকল্পৰ কাম৷ অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তত চীনৰ এনে সমৰসজ্জাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷
দক্ষিণ–চীন সাগৰত ভাৰতৰ যুদ্ধজাহাজ
নিউজ ডেস্ক ঃ দক্ষিণ–চীন সাগৰত এইবাৰ ভাৰতীয় নৌ বাহিনীয়েও মোতায়েন কৰিলে যুদ্ধজাহাজ৷ যিকোনো অপ্রীতিকৰ পৰিস্থিতি বা গতিবিধি নজৰত পৰিলে তাৰ মোকাবিলা কৰিব পৰা যায়, সেই উদ্দেশ্যেৰে এই যুদ্ধ জাহাজ দক্ষিণ চীন সাগৰত মোতায়েন কৰা হৈছে বুলি ভাৰতীয় নৌ বাহিনীৰ এক সুত্রই প্রকাশ কৰিছে৷ সুত্রটোৱে বিষয়টো সন্দর্ভত সংবাদ প্রতিষ্ঠানৰ আগত মন্তব্য কৰে এইদৰে– ‘ভাৰতীয় নৌ বাহিনীয়ে যুদ্ধ জাহাজসহ ইতিমধ্যে দক্ষিণ চীন সাগৰ দিশে ৰাওনা হৈছে৷ দক্ষিণ চীন সাগৰত চীনৰ পিপুলছ লিবাৰেছন আর্মীৰ নৌ বাহিনীৰ আধিপত্য বিৰাজমান৷ উক্ত এলেকাটোৰ সিংহভাগেই নিজৰ জলসীমাৰ অন্তর্ভুক্ত বুলি দাবী কৰি অহা চীনে ইতিমধ্যে এই সন্দর্ভত উষ্মা প্রকাশ কৰিছে৷’ ভাৰতীয় নৌ বাহিনীয়ে দক্ষিণ চীন সাগৰত যুদ্ধ জাহাজ মোতায়েন কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই বেইজিঙে৷ ইতিমধ্যে এই ক্ষেত্রত কূটনৈতিক মাধ্যমেৰে বেইজিঙে নতুন দিল্লীৰ আগত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ অৱশ্যে বিষয়টো নতুন দিল্লীয়ে এতিয়ালৈকে গুৰুত্ব দিয়া নাই৷ কূটনৈতিক মহলৰ মতে চীনৰ আগ্রাসন ৰোধ কৰিবলৈ নতুন দিল্লীৰ এই পদক্ষেপ অতি গুৰুত্বপূর্ণ৷ উল্লেখ্য যে দক্ষিণ চীন সাগৰত ইতি পূর্বৰে পৰা মোতায়েন হৈ আছে মার্কিন যুদ্ধ জাহাজ৷ ইয়াক কেন্দ্র কৰি চীনে আপত্তি দর্শালেও কামত অহা নাই৷ যাৰ পৰিণতিত কেইদিনমান পূর্বে চীনৰ সৈন্য বাহিনী ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল৷ ভাৰতীয় নৌ বাহিনীৰ সুত্রটোৱে জানিবলৈ দিয়া মতে ভাৰতীয় নৌ বাহিনীৰ যুদ্ধ জাহাজ আৰু মার্কিন যুদ্ধ জাহাজৰ মাজত অহৰহ যোগাযোগ অব্যাহত আছে৷ ইপিনে পিএলএৰ নৌ বাহিনীৰ শক্তিৰ সৈতে ফেৰ মাৰিবলৈ ভাৰতে ৬খনকৈ ছাবমেৰিন থলুৱাভাৱে নির্মাণ কৰাৰ বাবে প্রস্তুত হৈছে৷ ৫৫ হাজাৰ কোটি টকা ব্যয়ৰে নির্মাণ কৰিবলগীয়া ছাবমেৰিন ৬খনৰ বাবে অহা মাহৰ ভিতৰতে নিবিদা প্রকাশ কৰা হ’ব৷ বিদেশী প্রতিষ্ঠানৰ সহযোগত থলুৱাভাৱে উন্নত প্রযুক্তিৰ ছাবমেৰিন কেইখন নির্মাণ কৰা হ’ব৷

You might also like