নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসত পূব লাডাখত পি এল এৰ সৈতে হোৱা সংঘর্ষত শ্বহীদ হোৱা সেনাৰ ১৬ বিহাৰ বেটেলিয়নৰ পাঁচগৰাকী বীৰ যোদ্ধাক গেলেণ্ড্রী পদকেৰে মৰণোত্তৰভাৱে সন্মানিত কৰিব কেন্দ্রীয় চৰকাৰে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রৰ উদ্ধৃতি দি এই কথা সদৰী কৰিছে সংবাদ মাধ্যমে৷
উল্লেখনীয় যে ১৫ জুনত গালৱান উপত্যকাত সংঘটিত এই সংঘর্ষৰ ঘটনাৰ পিছতে প্রধানমন্ত্রী মোদীয়ে লাডাখ ভ্রমণ কৰি শ্বহীদ সৈনিকসকলৰ বীৰত্বক শ্রদ্ধাৰে সোঁৱৰণ কৰিছিল৷ ১৬ বিহাৰ বেটেলিয়নৰ শ্বহীদ সেনা জোৱানসকলৰ ভিতৰত আছে কর্নেল বি সন্তোষ বাবুও৷