সাত দিনত সুস্থ হ’ব ক’ৰোনা ৰোগী, আজি পতঞ্জলিৰ ঔষধ মুকলি
নিয়মীয়া বাৰ্তা ২৩ জুনঃ সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনা মহামাৰীৰ লগত ব্যস্ত। বহু প্ৰতিষ্ঠানে ইয়াৰ ঔষধ মুকলি কৰাৰ বাতৰি পোৱা গৈছে। কিন্তু এতিয়ালৈকে ক’ৰোনাৰ কোনো ধৰণৰ নিদিষ্ট ভেকচিন তৈয়াৰ হোৱা নাই। তথাপি বিশ্ববাসীৰ বাবে আছে এটা ভাল খবৰ। ভাল খবৰটো হৈছে পতঞ্জলিয়ে মুকলি কৰিছে ক’ৰোনাৰ ঔষধ। আজি হৰিদ্বাৰত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বাবা ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালাকৃষ্ণয়ে ক’ৰোনাৰ ঔষধ মুকলি কৰি দিয়ে।
স্বামী ৰামদেৱে সদৰি কৰে যে এই ঔষধ ৰ নাম coronil। coronilত তিনিবিধ গছৰ মিশ্ৰণ আছে। আমৈ লতা, তুলসী আৰু অশ্বগন্ধাৰে নিৰ্মাণ কৰা হৈছে। ৰামদেৱে সদৰি কৰা মতে এই ঔষধ বিধে মানৱ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ।
Launch of first and foremost evidence-based ayurvedic medicine for Covid-19#Patanjali #आयुर्वेदविजय_कोरोनिल_श्वासारि @yogrishiramdev @Ach_Balkrishna pic.twitter.com/vcL0IHE1Bs
— Patanjali Ayurved (@PypAyurved) June 23, 2020
পতঞ্জলিৰ পৃষ্ঠপোষকতাত coronil পৰীক্ষণ কৰিবলৈ ২৮০ জন ৰোগীৰ দেহত প্ৰয়োগ কৰা হৈছিল । ইয়াৰে ভিতৰত ১০০ জন লোকৰ ওপৰত ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল। তিনি দিনৰ ভিতৰত ৬৯ শতাংশ পজিটিভ ৰোগী নিগেটিভ হয় আৰু ৭ দিনৰ ভিতৰত ১০০ শতাংশ ৰোগী সুস্থ হৈ উঠিল।
বাবা ৰামদেৱে কয় যে এই ঔষধ কেৱল দেশীয় সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে পতঞ্জলিৰ ঔষধ coronil অহা সপ্তাহৰ পৰা পতঞ্জলি বিপণী সমূহত উপলব্ধ হ’ব।