আমেৰিকাত হিটলাৰৰ টয়লেট ছীটৰ নিলামঃ নিলাম দৰ কিমান জানেনে?
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ হিটলাৰে ব্যৱহাৰ কৰা টয়লেট ছীট নিলাম হ’ল ১৩ লাখত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ পৰা আমেৰিকা পোৱা এই টয়লেট ছীটটো ১৩ লাখত নিলাম কৰিছে আমেৰিকাৰ এটা পৰিয়ালে।
দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম সময়ত বাৰ্ষ্টেছগাডেনত থকা হিটলাৰৰ এটা জিৰণি ঘৰৰ পৰা এই টয়লেট ছীটটো এগৰাকী আমেৰিকান সেনাই নিজ দেশলৈ লৈ গৈছিল।
এতিয়া যোৱা ৪ ফেব্ৰুৱাৰীত আমেৰিকাৰ মেৰিলেণ্ডত আলেকজেণ্ডাৰ হিষ্টোৰিকেল অকচনে কৰা নিলাম বজাৰত এই টয়লেট ছীটটো নিলামৰ বাবে আনে সৈনিকগৰাকীৰ পৰিয়ালে।
ইয়াৰ নিলাম দৰ ৫ হাজাৰ ডলাৰৰ পৰা আৰম্ভ হৈ ১৯ হাজাৰ ডলাৰলৈ অৰ্থাৎ ভাৰতীয় মূল্য অনুযায়ী ১৩ লাখলৈ উঠে। উল্লেখ্য এই নিলাম বজাৰত হিটলাৰে ব্যৱহাৰ কৰা ফণী, ফণীত থকা কেইডালমান চুলি আৰু ছেভিং মগ এটাও নিলাম হয়।