চিকিৎসক নিগ্রহঃ ক’লা বেজ পিন্ধি কাইলৈ চিকিৎসকৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ দেশৰ ভিন্ন প্রান্তত সংঘটিত চিকিৎসক নিগ্রহৰ ঘটনাৰ প্রতিবাদত অহা ১৮ জুনত প্রতিবাদ সাব্যস্ত কৰিব ভাৰতীয় চিকিৎসা সন্থাই (আই এম এ)৷ ‘ত্রাণকর্তাক ৰক্ষা কৰক’ শ্লোগানেৰে দেশজুৰি ৰাষ্ট্রীয় প্রতিবাদ দিৱস পালন কৰিব চিকিৎসক সংস্থাটোৱে৷ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰা আৰু অবৈতনিক সম্পাদক ডাঃ শিখা শর্মাই প্রেৰণ কৰা এক বিবৃতিত কয় যে বিগত দুমাহৰ ভিতৰত অসমকে ধৰি বিহাৰ, দিল্লী, উত্তৰ প্রদেশ, পশ্চিমবংগ, কর্ণাটক আদি ৰাজ্যত ক’ভিডৰ সেৱাত ব্রতী চিকিৎসক তথা স্বাস্থ্যকর্মী গণ আক্রমণৰ বলি হোৱা ঘটনাই চিকিৎসক সমাজক গভীৰভাৱে আঘাত কৰিছে৷ সেয়েহে ভাৰতীয় দণ্ডবিধি আৰু ফৌজদাৰী বিধিৰ অধীনৰ চেণ্ড্রেল হাস্পতাল এণ্ড হেল্থ কেয়াৰ প্রফেচনেল প্রটেকচন এক্ট বলৱৎ কৰিবলৈ দাবী উত্থাপন কৰিছে সন্থাই৷
তদুপৰি প্রতিখন চিকিৎসালয়ৰ মান উন্নীতকৰণ তথা সুৰক্ষা ব্যৱস্থা অধিক উন্নতি কৰা, প্রতিখন চিকিৎসালয়ক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা আৰু দোষীক কঠোৰ আইনৰ অধীনত ফাষ্ট ট্রেক আদালতত শাস্তিৰ বিধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ভাৰতীয় চিকিৎসা সন্থাই৷ বিজ্ঞপ্তিত প্রকাশ কৰা অনুসৰি অহা ১৮ জুনত চৰকাৰী–বেচৰকাৰী সকলো চিকিৎসক তথা চিকিৎসা প্রতিষ্ঠানে শান্তিপূর্ণভাৱে ক’লা বেজ, মাস্ক পৰিধান কৰাৰ লগতে বেনাৰ–পোষ্টাৰ আদি প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰিব৷ উল্লেখ্য যে কিছুদিন পূর্বে হোজাইৰ ফুলতলী মডেল হাস্পতালত কর্তব্যৰত এজন চিকিৎসকক বর্বৰভাৱে প্রহাৰ কৰা ঘটনাই সমগ্র দেশজুৰি প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ এই ঘটনাৰ প্রতিবাদত ৰাজ্যজুৰি অ’ পি ডি সেৱা বর্জনেৰে বিক্ষোভ প্রদর্শন কৰিছিল৷