নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ উত্তৰ প্রদেশৰ কুশীনগৰত পথত পৰি থকা বিষাক্ত চকলেট খাই চাৰিটা শিশুৰ মৃত্যু হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷ এই ঘটনাৰ ক্ষিপ্র তদন্তৰ নির্দেশ দিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি বুধবাৰে পুৱা কুশীনগৰত বিষাক্ত চকলেট খাই মৃত্যু হোৱা শিশুকেইটাৰ বয়স ৩ৰ পৰা ৭ বছৰৰ ভিতৰত৷ মৃত শিশুকেইটা মুছাৰ উপ–জাতি পৰিয়ালৰ বুলি জানিব পৰা গৈছে৷
স্থানীয় বাসিন্দাসকলে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি দিলীপ নগৰৰ মুখীয়া দেৱী নামৰ মহিলাগৰাকীয়ে বাহিৰত ঝাড়ু দি থকা অৱস্থাত এটা পেকেটত কেইটামান মুদ্রা আৰু পাঁচটা চকলেট পায়৷ এই চকলেটকেইটা চাৰিওটা শিশুক খাবলৈ দিয়ে মহিলাগৰাকীয়ে৷ ইয়াৰ পিছতে শিশু চাৰিটা অচেতন হৈ পৰে৷ লগে লগে সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷