নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বীৰ জোৱানক দেশবাসীৰ শ্রদ্ধা

শ্বহীদ সেনাৰ ঘৰে ঘৰে কান্দোনৰ ৰোল

নিয়মীয়া বাৰ্তা ১৮ জুনঃ   চীনা সৈন্যৰ সৈতে যুঁজত লাডাখৰ গালৱানত কর্নেলসহ ২০ বীৰ জোৱান হেৰুৱালে দেশে৷ পৰিয়ালে হেৰুৱালে নিজৰ আপোনজনক৷ সাহস আৰু বীৰত্বৰে দেশৰ সংহতি আৰু সার্বভৌমত্বক সুৰক্ষিত কৰাৰ স্বার্থত প্রাণ হেৰুওৱা ২০ জোৱানক লৈ সমগ্র দেশ আজি ম্রিয়মাণ৷ শ্বহীদৰ বাসগৃহত কান্দোনৰ ৰোল৷ কর্নেল বিকু মল্ল সন্তোষ বাবুৰ হায়দৰাবাদৰ বাসভৱনৰ পৰা চিপাহী গণেশ হংসদা পূব সিংভূমলৈকে, চুবেদাৰ নাডুৰাম ছোৰেনৰ ময়ূৰভঞ্জৰ বাসগৃহৰ পৰা হাবিলদাৰ সুনীল কুমাৰৰ পাটনাৰ বাসভৱনত এতিয়া আপোনজনক হেৰুৱাই পৰিয়ালৰ লোক শোকাভূত৷ দেশমাতৃৰ বাবে আত্মবলিদান দিয়া আপোনজনক লৈ গৌৰৱৰ সমান্তৰালকৈ বুকুত হেৰুওৱাৰ দুর্বিষহ বেদনা লৈ অপেক্ষাৰত ২০ শ্বহীদৰ পৰিয়াল, কেতিয়ালৈকে নশ্বৰ দেহ উভতি আহিব৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ আৰু সেনাবাহিনীৰ মুৰব্বী জেনেৰেল এম এন নাৰৱানে নিজা নিজা ব্লগত বীৰ শ্বহীদকেইগৰাকীক শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ইপিনে, নতুন দিল্লীৰ ৰাজপথত ২০ বীৰ শ্বহীদ জোৱানৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইপিনে চীনৰ সেনাৰ সৈতে সংঘর্ষত প্রাণ হেৰুওৱা ২০ শ্বহীদ জোৱানক শ্রদ্ধাঞ্জলি জনাই নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে তেওঁৰ চৰকাৰী টুইটাৰ একাউণ্টত শ্রদ্ধাঞ্জলি জনাই কয়– ‘সশস্ত্র বাহিনীৰ ছুপ্রিম কমাণ্ডাৰ হিচাপে দেশৰ সার্বভৌমত্ব আৰু সংহতি সুৰক্ষিত কৰাৰ বাবে আমাৰ জোৱানে দেখুওৱা চৰম সাহস আৰু চূড়ান্ত ত্যাগৰ বাবে মূৰ দো খাইছে৷ তেওঁলোকে লাডাখৰ গালৱান উপত্যকাত প্রাণ হেৰুৱাই ভাৰতীয় সশস্ত্র বাহিনীৰ সর্বোচ্চ পৰম্পৰাক প্রদর্শিত কৰিলে৷ তেওঁলোকৰ বীৰত্ব সদায়ে দেশবাসীয়ে সুঁৱৰিব৷ শ্বহীদৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা৷’ ইপিনে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এন নাৰৱানেও আজি নতুন দিল্লীত লাডাখত শ্বহীদ হোৱা কর্নেলসহ ২০ জোৱানৰ বীৰত্ব আৰু ত্যাগক স্মৰণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ চীনা সৈন্যৰ হাতত প্রাণ হেৰুওৱা কর্নেলসহ ২০ জোৱানৰ বীৰত্বক লৈ দেশৰ সকলো স্তৰৰ নাগৰিকৰ পৰা চেলিব্রিটীলৈকে গৌৰৱ বোধ কৰে৷

লাডাখত শ্বহীদ হোৱা কর্নেলসহ ২০ জোৱানৰ তালিকা

কর্নেল বি সন্তোষ বাবু (তেলেংগানা), চুবেদাৰ নুডুৰাম চোৰেন (ময়ূৰঘঞ্জ), চুবেদাৰ মন্দীপ সিং (পাটিয়ালা), চুবেদাৰ সৎনম সিং (গুৰদাসপুৰ), হাবিলদাৰ কে পালানী (মাদুৰাই), হালিদাৰ সুনীল কুমাৰ (পাটনা), হাবিলদাৰ বিপুল ৰয় (মিৰাট চহৰ), নায়ক দীপক কুমাৰ (ৰেৱা), চিপাহী ৰাজেশ ওৰাং (বীৰভূম), চিপাহী কুণ্ডন কুমাৰ ওজা (চাহিবগঞ্জ), চিপাহী গণেশ ৰাম (কংকৰ), চিপাহী চন্দ্রকান্ত প্রধান (কান্ধামাল), চিপাহী অংকুশ (হামিৰপুৰ), চিপাহী গুৰবিন্দৰ (ছাংগ্রুৰ), চিপাহী গুৰটেছ সিং (মানছা), চিপাহী চন্দন কুমাৰ (ভোজপুৰ), চিপাহী কুণ্ডন কুমাৰ (সহৰছা), চিপাহী অমন কুমাৰ (সমষ্টিপুৰ), চিপাহী জয়কিশোৰ সিং (বৈশালী) আৰু চিপাহী গণেশ হানছদা (পূব সিংভূম)৷

You might also like