নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২০টা স্থানৰ বাবে উড়ান আঁচনি, বিহাৰত ৩টা গ্ৰীনফিল্ড বিমানবন্দৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিৰোধী সাংসদৰ প্ৰতিবাদৰ মাজতে লোকসভাত বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত কয় যে চৰকাৰে সকলোৰে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ১২০টা স্থানৰ বাবে উড়ান আঁচনিৰ কথা ক’লে বিত্তমন্ত্ৰীগৰাকীয়ে। উড়ান আঁচনিৰ জৰিয়তে ৪ কোটি নতুন যাত্ৰী সংযোজন কৰাৰ লক্ষ্য চৰকাৰৰ। ইয়াৰ লগতে বিহাৰত মুকলি হ’ব ৩টা নতুন গ্ৰীন ফিল্ড বিমানবন্দৰ। ইয়াৰ উপৰি পাটনা বিমানবন্দৰৰ ক্ষমতা বৃদ্ধি কৰা হ’ব। পাহাৰীয়া অঞ্চলত সৰু সৰু বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণ কৰা হ’ব। ইউডিএন আঁচনিৰ অধীনত অহা ১০ বছৰত ১২০টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব। এই আঁচনিখনে পাহাৰীয়া, আকাংক্ষিত আৰু উত্তৰ-পূব আঞ্চলিক জিলাসমূহৰ হেলিপেড আৰু সৰু সৰু বিমানবন্দৰৰ ছবিখনো সলনি কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে অহা সপ্তাহত আহিব নতুন আয়কৰ বিধেয়ক। মোদী চৰকাৰে ২০১৬ চনত উড়ান আঁচনি আৰম্ভ কৰিছিল সাধাৰণ নাগৰিক আৰু দেশৰ সৰু চহৰলৈ বিমান সেৱা প্ৰদানৰ বাবে। এই আঁচনিৰ উদ্দেশ্য দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ যিবোৰ অঞ্চলত ৰেল, পথ আৰু অন্যান্য যাতায়াতৰ ব্যৱস্থাৰ অভাৱ, সেইবোৰ অঞ্চলত বিমান সংযোগ প্ৰসাৰিত কৰা। উল্লেখ্য যে চেণ্ডেল পিন্ধি বিমানত উঠা মানুহ চাব বিচাৰে বুলি ৰাজহুৱাকৈ কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৬ চনৰ ১৫ জুনত এই আঁচনি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৭ চনৰ ২৭ এপ্ৰিলত তেওঁ দিল্লী আৰু ছিমলাৰ মাজত প্ৰথমখন স্থানীয় বিমান ফ্লেগ অফ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে উদ্যোগ আৰম্ভ কৰা পাঁচ লাখ মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলৰ বাবে চৰকাৰে ২ কোটি টকাৰ ঋণ আৰম্ভ কৰিব। তেওঁ কয়, “৫০টা পৰ্যটন স্থান উন্নয়ন কৰা হ’ব।”

You might also like