শ্বাস–প্রশ্বাসত কষ্ট, ট্রাম্পক চিকিৎসালয়ত ভর্তি
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ক’ভিড–১৯ত আক্রান্ত হোৱা বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাস্থ্যৰ অৱনতি ঘটাত সামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ হোৱাইট হাউছৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা চলাই থকা ৰাষ্ট্রপতি ট্রাম্পৰ শ্বাস–প্রশ্বাসজনিত সমস্যা বৃদ্ধি পোৱাত মেৰিলেণ্ডৰ বেথেছডা ৱাল্টাৰ ৰীড নেচনেল মিলিটেৰী মেডিকেল চেণ্টাৰত ভর্তি কৰোৱা হয়।
হোৱাইট হাউছৰ পৰা ধীৰ গতিৰে খোজকাঢ়ি অহা ড’নাল্ড ট্রাম্পক হেলিকপ্টাৰযোগে সামৰিক চিকিৎসালয়লৈ নিয়া হয়৷ মাস্ক পৰিধান কৰা ট্রাম্পে সেই সময়ত সাংবাদিকৰ সৈতে কোনোধৰণৰ বার্তালাপ নকৰিলে৷
উল্লেখ্য যে ৭৪ বছৰীয়া মার্কিন ৰাষ্ট্রপতিগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাত তেওঁৰ স্বাস্থ্যলৈ শংকা কঢ়িয়াই আনিব পাৰে বুলি দেশখনৰ বিশেষজ্ঞ চিকিৎসকে মন্তব্য কৰিছে৷ গুৰুত্বপূর্ণ যে অহা ৩ নৱেম্বৰত দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ৰিপাব্লিকান প্রার্থী তথা ৰাষ্ট্রপতি ট্রাম্প ক’ভিড–১৯ত আক্রান্ত হোৱা বিষয়টো বিশ্বজুৰি চর্চিত হৈছে৷
ইপিনে, শেহতীয়া খবৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অৱস্থা কালিতকৈ আজি অলপ উন্নত হৈছে।