ট্রাম্পৰ সৈতে চাহ খাবলৈ ৩৭ লাখ, ফটো উঠিবলৈ ২২ লাখ…
আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প সদায়ে চৰ্চাত থাকে। এইবাৰ নিজৰ কথাৰ বাবে নহয়, উপাৰ্জনৰ বাবে সংবাদ শিৰোণামলৈ আহিছে৷ ৰাষ্ট্রপতি পদৰ পৰা আঁতৰাৰ পাছতো ব্যক্তিগতভাৱে কোটি কোটি টকা উপাৰ্জন কৰিছে তেওঁ। সংবাদ সূত্ৰই সদৰি কৰা মতে, ডনাল্ড ট্রাম্পৰ সমর্থকে তেওঁৰ সৈতে এখন ফটো উঠিবলৈ তথা একেলগে চাহ খাবলৈ হাজাৰ ডলাৰ ভৰিব লাগে। তথ্য অনুযায়ী, ট্রাম্পৰ লগত চাহ খাবলৈ ৩৭ লাখ টকা খৰচ কৰিব লাগে। একেদৰে,ফটো উঠিবলৈ ভৰিব লাগে ২২ লাখ পর্যন্ত টকা। ট্রাম্পৰ বাবে অনুষ্ঠিত ফাণ্ড ৰেইজিং প্রগ্রামৰ পৰা পোৱা টকা তেওঁৰ একাউন্টত যায়। এই অনুষ্ঠানৰ সৈতে ৰিপাব্লিকান পার্টীৰ কোনো লেনদেন নাই। উল্লেখনীয় বিষয় যে, ট্রাম্পে কফী টেবুল বুকৰে যোৱা এবছৰত ৫০৬ কোটি টকা আয় কৰিছে।