নজিৰবিহীন ঘটনা, ট্ৰাম্পক পুনৰ ক্ষমতা প্ৰদানৰ দাবীত আমেৰিকাত হিংসাত্মক প্ৰতিবাদ, নিহত ৪
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ এক নজিৰবিহীন ঘটনাৰ সন্মুখীন হ’ল আমেৰিকা। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত কৰিবলৈ ট্ৰাম্পৰ সমৰ্থকে হাতত লৈছে হিংসাত্মক প্ৰতিবাদী ঘটনা।
আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ কেপিট’ল হিলত ভাৰতীয় সময় অনুযায়ী কালি মাজ নিশা বলপূৰ্বক প্ৰৱেশৰ বাবে চেষ্টা চলাই সমৰ্থকে। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনাও কৰে। গুলীচালনাত নিহত হয় এগৰাকী মহিলা সমৰ্থককে ধৰি ৪ গৰাকী লোক।
প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ ১২ ঘণ্টাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউণ্ট বন্ধ কৰি দিছে ছোচিয়েল নেটৱৰ্কিং ছাইট কৰ্তৃপক্ষই। উল্লেখ্য, আজি নৱনিৰ্বাচিত জো বাইডেনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা কৰাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ বাবে কেপিট’ল হিলত ইলেক্ট্ৰ’ৰেল কলেজৰ প্ৰক্ৰিয়া চলি আছিল।
কিন্তু ইয়াৰ প্ৰাকমুহূৰ্ততে প্ৰতিবাদকাৰীয়ে কেপিট’ল হিলত প্ৰৱেশ কৰি হিংসাত্মক প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়। কেপিট’ল হিলৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে চিনেটৰসকলক বাহিৰলৈ ওলাই যাবলৈ বাধ্য কৰোৱা হয়। প্ৰতিবাদস্থলীৰ পৰা এক্সপ্লছিভ ডিভাইচো উদ্ধাৰ কৰা হৈছে। আমেৰিকাৰ সংসদ ভৱনত ট্ৰাম্প সমৰ্থকৰ হিংসাত্মক প্ৰতিবাদে বিশ্বৰ আগশাৰীৰ দেশখনক লজ্জানত কৰা বুলি চৰ্চা হৈছে।