‘ৰেগেনেৰন’ৰ প্রয়োগত সুস্থ ৰাষ্ট্রপতি ট্রাম্প
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ ক’ভিড–১৯ আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ছিক্রেট ছার্ভিচক লৈ গাড়ীৰে ৰাজপথলৈ ওলাই অহাৰ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে এইবাৰ ৰাষ্ট্রপতিগৰাকীৰ ভিডিঅ’ বার্তা বিশ্বজুৰি চর্চিত হৈছে৷ কালি মার্কিন ৰাষ্ট্রপতি ট্রাম্পে অ’ভেল অফিচৰ ৰোজ গার্ডেনৰ ভিডিঅ’ এটা টুইটাৰত প্রচাৰ কৰি তেওঁ ক’ভিড–১৯ত আক্রান্ত হোৱাটো ভগৱানৰ আশীর্বাদ বুলি আখ্যা দিছে৷ তদুপৰি ৰাষ্ট্রপতি ট্রাম্পে তেওঁক শুশ্রূষাৰ বাবে পৰীক্ষামূলক চিকিৎসাই সুফল লাভ কৰিছে বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে আমেৰিকাবাসী মুক্ত হ’ব বুলিও কয়৷ ৱাল্টাৰ ৰীড মিলিটেৰী হাস্পতালত চাৰি দিন চিকিৎসাধীন হৈ থাকি হোৱাইট হাউছলৈ উভতি অহা মার্কিন ৰাষ্ট্রপতি ট্রাম্প নির্বাচনী প্রচাৰৰ বাবে আগ্রহী হৈ থাকি ভিডিঅ’ বার্তাটোত ক’ভিড–১৯ৰ পৰা আৰোগ্য হোৱাৰ অনুভৱক জোৰ দি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে ক’ভিড–১৯ পৰীক্ষণত তেওঁ পজিটিভ হৈছিল নে নাই, তাক লৈ তেওঁ এতিয়াও অস্পষ্ট৷ তেওঁ ভাবে যে সেয়া আছিল ভগৱানৰ আশীর্বাদ৷ যাৰ বাবে তেওঁ আক্রান্ত হৈছিল৷ আনপিনে সামৰিক চিকিৎসালয়ত ক’ভিড–১৯ শুশ্রূষাৰ বাবে তেওঁৰ দেহত ‘ৰেগেনেৰন’ পৰীক্ষামূলক চিকিৎসা প্রয়োগ কৰাৰ পাছত ক’ভিড–১৯ৰ পৰা তেওঁ আৰোগ্য হোৱা বুলি দাবী কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ তেওঁৰ দেহত যাদুকৰী চিকিৎসাৰে আৰোগ্য লাভ কৰা বুলি উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে এই পৰীক্ষামূলক চিকিৎসাই সমগ্র আমেৰিকানক মুক্ত কৰিব বুলি দাবী কৰে৷ ক’ভিড–১৯ প্রতিৰোধৰ বাবে গ্রহণ কৰা পদক্ষেপক লৈ সমালোচনাৰ সন্মুখীন হোৱা ৰাষ্ট্রপতি ট্রাম্পৰ এই ভিডি’ বার্তাক লৈও বিশ্বজুৰি চর্চা লাভ কৰিছে৷
উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হৈ সামৰিক চিকিৎসালয়ত থকা ৭৪ বছৰীয়া ৰাষ্ট্রপতি ট্রাম্প কালি অ’ভেল অফিচলৈ গৈ দেশৰ অর্থনীতি আৰু সাগৰীয় ঘূর্ণী ডেল্টাক লৈ আলোচনা কৰিছিল৷ ইয়াৰ পাছতেই হোৱাইট হাউছে ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যক লৈ স্বয়ং ৰাষ্ট্রপতিৰ ভিডিঅ’ বার্তা প্রচাৰ কৰে৷ হোৱাইট হাউছৰ চিকিৎসকে প্রকাশ কৰা মতে, ট্রাম্প বর্তমান উপসর্গমুক্ত আৰু সুস্থিৰ৷ সোমবাৰে নিশা শ্বাস–প্রশ্বাসত কষ্ট পোৱাৰ বাবে হেলিকপ্ঢাৰযোগে ৱাল্টাৰ ৰীড সামৰিক হাস্পতাললৈ নিয়া হৈছিল যদিও এদিন পাছতে গাড়ীৰে ৰাষ্ট্রপতি ট্রাম্প হোৱাইট হাউছলৈ উভতি আহি তীব্র বিতর্কৰ সৃষ্টি কৰিছিল৷ ইয়াৰ মাজতেই কালি পুনৰ ক’ভিড–১৯ক লৈ মন্তব্য কৰি চর্চিত হৈছে ট্রাম্প৷ ইপিনে, ক’ভিড–১৯ক লৈ চীনক ক্ষুৰধাৰ সমালোচনা কৰি থকা ৰাষ্ট্রপতি ট্রাম্পে পুনৰ চীনক ক’ভিড–১৯ৰ বাবে জগৰীয়া কৰে৷ বিশ্বজুৰি ক’ৰোনা ভাইৰাছ বিয়পাই দিয়াৰ বাবে চীনে বৃহৎ মূল্য আদায় দিব লাগিব বুলি দেশখনক সকীয়নি দিয়ে ট্রাম্পে৷ চীনৰ ৱুহান চহৰত বিগত বর্ষত মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটি পিছলৈ সমগ্র দেশতে এই ঘাতক ভাইৰাছটোৰ সংক্রমণ সম্প্রসাৰিত হোৱাৰ বাবে চীনক দোষাৰোপ কৰি ৰাষ্ট্রপতি ট্রাম্পে কয়– যি ঘটিছে তাৰ বাবে আপোনালোকৰ দোষ নহয়৷ সেয়া চীনৰ দোষ৷ ইয়াৰ বাবে চীনে বৃহৎ আদায় দিবলৈ গৈ আছে৷ চীনৰ দোষ এইটো মাথোঁ মনত ৰাখক৷ মন কৰিবলগীয়া যে ৰাষ্ট্রপতি ট্রাম্পৰ লগতে তেওঁৰ পত্নী ৫০ বছৰীয়া মেলানিয়া ট্রাম্পো ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ট্রাম্পক সামৰিক হাস্পতালত নিয়াৰ পৰিৱর্তে ফার্ষ্ট লেডী মেলানিয়াক হোৱাইট হাউছতে চিকিৎসা চলাই থকা হৈছে৷