ট্ৰাম্পৰ নীতিৰ বাবে বিপদত পৰিছে এইসকল লোক, পোৱা নাই কণ্ডম
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ আজি আমেৰিকাৰ নিৰ্বাচন। নিৰ্বাচনৰ সময়তে চৰ্চালৈ আহিছে ৰাষ্ট্ৰপতি ট্ৰাম্প। ট্ৰাম্পক লৈ এই চৰ্চা হৈছে আফ্ৰিকাৰ এখন দেশৰ ক্ষেত্ৰত ট্ৰাম্পে অৱলম্বন কৰা নীতিৰ বাবে। দক্ষিণ আফ্ৰিকাৰ লেছোথো নামৰ দেশখনে কণ্ডমৰ নাটনিত পৰিছে ট্ৰাম্পৰ বৈদেশিক নীতিৰ বাবে, যাৰ ফলত দেশখনত জনসংখ্যাৰ সংখ্যাহ্ৰাসৰ ক্ষেত্ৰতো পৰিছে প্ৰভাৱ।
লেছোথোত গৰ্ভনিৰোধক ঔষধোৰ নাটনি। বহু দূৰত থকা ক্লিনিকত পোৱা এই ঔষধো বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা বিতৰণ কৰা হয়। কিন্তু বিদেশৰ সাহায্যত চলা এনে ক্লিনিকসমূহ এতিয়া সাহায্য অবিহনে বন্ধ হ’বলৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সাহায্যৰ ওপৰত চলা এনে ক্লিনিকবোৰৰ পৰা লেছোথোৰ নাগৰিকে কণ্ডম বা আন জন্ম নিৰোধক ঔষধ লাভ কৰিছিল।
এনে ক্লিনিক আফ্ৰিকাজুৰি বিস্তৃত হৈ আছে যদিও সাহায্য অবিহনে বন্ধ হৈ গৈছে বহু ক্লিনিক। ২০১৭ চনত ৰাষ্ট্ৰপতি ট্ৰাম্পে মেক্সিকো চিটী পলিচী জাৰি কৰাৰ ফলত দেশখনে আন্তঃৰাষ্ট্ৰীয় সংস্থাক প্ৰদান কৰি অহা সাহায্য় বন্ধ হৈ পৰিছিল। ফলত লেথোছোত থকা সংস্থাসমূহকো প্ৰদান কৰি অহা সাহায্য় বন্ধ হৈ পৰিছিল আৰু ইয়াৰ ফলতে এতিয়া কণ্ডমৰ নাটনি লোথোছোৰ বাবে এক ডাঙৰ বিপদ দৈ ধৰা দিছে।
ট্ৰাম্পৰ এনে নীতিক লৈ বিভিন্ন সংস্থাই প্ৰতিবাদ জনাই আহিছে, কিয়নো এনে নীতিৰ দ্বাৰা ট্ৰাম্পে আচলতে গৰ্ভপাতৰ দৰে বেআইনী বিষয়ৰ প্ৰতি জনসাধাৰণক আগুৱাই নি আছে বুলি অভিযোগ উত্থাপন হৈছে। লগতে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও এনে নীতিৰ ফলত বৃদ্ধি হোৱাৰ আশংকা আছে। উল্লেখ্য যে ট্ৰাম্পৰ নীতিৰ বাবে লেথোছোত গৰ্ভপাতৰ সংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পাইছে।