তেলুগু টিভিৰ অভিনেত্ৰীৰ আত্মহত্যা, ব্লেকমেইলিঙৰ বলি হোৱাৰ সন্দেহ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ চেলিব্ৰিটি- তেওঁলোকক সাধাৰণতে কোৱা হয় মনোৰঞ্জনৰ আধাৰ, অথচ তেওঁলোকৰ মাজতে ভৰি পৰিছে সীমাহীন দুখ। জিয়া খান, সুশান্ত আদিৰ পিছত দূৰদৰ্শন জগতৰ আন এক আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে আজি।
জানিব পৰা মতে, তেলুগু টিভিৰ অভিনেত্ৰী শ্ৰাৱনী কণ্ডাপালিয়ে মঙলবাৰে নিশা হায়দৰাবাদৰ নিজ বাসভৱনত চিপ লৈ আত্মহত্যা কৰে। মথুৰা নগৰত থকা নিজা ফ্লেটত অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
অভিনেত্ৰীগৰাকীৰ ভাতৃৰ অভিযোগ মতে টিকটকৰ জৰিয়তে চিনাকি হোৱা দেৱৰাজ নামৰ কোনো সন্দেহজনক ব্যক্তিয়ে ২৬ বছৰীয়া প্ৰতিভাৱান অভিনেত্ৰীগৰাকীক ব্লেকমেইল কৰি আছিল। আৰক্ষীয়ে এতিয়া দেৱৰাজৰ সন্ধানত নামি পৰিছে।