নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ৰোগীৰ মৃত্যুৰ দৃশ্য প্রচাৰেৰে বিতর্কত চেনেল 

বলিভিয়াৰ চেনেলৰ পোনপটীয়া সম্প্রচাৰক লৈ বিশ্বজুৰি প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ২০ জুনঃ   মহামাৰী ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ মৃত্যুৰ পোনপটীয়া সম্প্রচাৰ কৰি বিতর্কত সাঙোৰ খাইছে বলিভিয়াৰ এটা টিভি চেনেল৷ দেশখনৰ ছাণ্টাক্রুজস্থিত পেট চেনেলত ‘ন’ লাইজ’ কার্যসূচীত ক’ভিড–১৯ ৰোগী এগৰাকীক চিকিৎসকে শেষ মুহূর্তলৈ জীয়াই ৰাখিবলৈও চেষ্টা চলোৱাৰ পাছত ৰোগীগৰাকী মৃত্যু হোৱা দৃশ্য এটা সম্প্রচাৰ কৰাত বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ছাণ্টাক্রুজৰ ক’ভিড–১৯ ৰোগীক শুশ্রুষাৰ ক্ষেত্রত চিকিৎসা কর্মীয়ে অৱহেলা কৰাৰ অভিযোগ তুলি ক’ভিড–১৯ ৰোগীৰ মৃত্যুৰ অন্তিম মুহূর্তটো পোনপটীয়াকৈ প্রচাৰ কৰিছিল৷ প্রায় ৩০ মিনিটজোৰা এই অভিডি’টো প্রচাৰ হোৱাৰ পাছতে দেশখনৰ  কর্তৃপক্ষই চেনেলটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিছে৷ দেশখনৰ লগতে বিদেশৰ অনেক প্রখ্যাত সাংবাদিককে ধৰি সচেতন নাগৰিকে ছ’চিয়েল মিডিয়াত এনে দৃশ্য প্রচাৰ কৰাৰ বাবে চেনেলটোক কঠোৰ ভাষাৰে গৰিহণা দি সমালোচনা কৰিছে৷

You might also like