নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰ অন্য দেশ, লাডাখ চীনৰ অংশ!

পুনৰ টুইটাৰৰ ৱেবছাইটত ভাৰতৰ ভুল মানচিত্র

নিয়মীয়া বাৰ্তা ২৯ জুনঃ  মাইক্র’ ব্লগিং প্লেটফর্ম টুইটাৰে পুনৰ ভাৰতীয় মানচিত্র বিকৃত কৰি ইয়াৰ ৱেবছাইটত আপলোড কৰিছে৷ এই মানচিত্র অনুসৰি জম্মু–কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অংগ নহয়৷ জম্মু–কাশ্মীৰ আৰু লাডাখক ভাৰতৰ পৰা বিচ্ছিন্ন অঞ্চল হিচাপে টুইটাৰত মানচিত্র দেখুওৱা হৈছে৷ জম্মু–কাশ্মীৰক পৃথক দেশ হিচাপে দেখুওৱাৰ উপৰি এই মানচিত্রত লাডাখ চীনৰ অংশ বুলি দেখুৱাইছে টুইটাৰে৷

এয়া প্রথমবাৰৰ বাবেই টুইটাৰে ভুল কৰা নাই৷ ইয়াৰ পূর্বেও টুইটাৰে ভাৰত সন্দর্ভত ভুল মানচিত্র ইয়াৰ ৱেবছাইটত আপলোড কৰিছিল৷ ২০২০ৰ অক্টোবৰ মাহতো টুইটাৰে লাডাখৰ লেহ চীনৰ অংশ হিচাপে মানচিত্রত দেখুৱাইছিল৷ ভাৰতৰ মানচিত্রক এনেদৰে বিকৃত ৰূপ দিয়া কার্যত তীব্র ক্ষোভ উজাৰিছে নতুন দিল্লী প্রশাসনে৷ আনকি তাৎক্ষণিকভাৱে আমেৰিকাস্থিত এই মাইক্র’ ব্লগিং প্লেটফর্মক মানচিত্র শুধৰাই ল’বলৈ সতর্কবাণীও শুনাইছে ভাৰত চৰকাৰে৷

You might also like