নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪,২৫০ কোটিৰ তেজস্ক্রিয় পদার্থ ‘কেলিফ’র্নিয়াম’সহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ  পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নেতাজী সুভাষ চন্দ্র বসু আন্তর্জাতিক বিমানবন্দৰৰ সমীপত তেজস্ক্রিয় পদার্থসহ দুজনক গ্রেপ্তাৰ কৰিছে চি আই ডিয়ে৷ গ্রেপ্তাৰ কৰা লোক দুজনৰ পৰা প্রায় আঢ়ৈশ গ্রাম তেজস্ক্রিয় পদার্থ কেলিফ’র্ণিয়াম জব্দ কৰিছে৷ এই কেলিফ’র্নিয়ামৰ মূল্য ৪,২৫০ কোটি টকা৷ নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা তেজস্ক্রিয় পদার্থ কেলিফ’র্নিয়ামৰ সৈতে গ্রেপ্তাৰ কৰা লোক দুজন ৰাজ্যখনৰ হুগলী জিলাৰ বাসিন্দা৷ চি আই ডিয়ে লোক দুজনক ৪১ বছৰীয়া শৈলেন কর্মকাৰ আৰু ৪৯ বছৰীয়া অসিত ঘোষ বুলি চিনাক্ত কৰিছে৷

চি আই ডিৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, প্রায় আঢ়ৈশ গ্রাম কেলিফ’র্নিয়ামখিনি হৈছে ছাইৰঙী চাৰিটা শিল৷ প্রাৰম্ভিক তদন্তত ছাইৰঙী শিল চাৰিটাক কেলিফ’র্নিয়াম বুলি চিনাক্ত কৰি সঠিক অনুসন্ধানৰ বাবে শিলকেইটা চৰকাৰী লেবৰেটৰীলৈ প্রেৰণ কৰা হৈছে৷ ধৃত লোক দুজনে স্বীকাৰ কৰা মতে, কেৰালাৰ পৰা সেই সামগ্রীখিনি আনিছিল আৰু সামগ্রীখিনি বিক্রীৰ বাবে যো–জা কৰিছিল৷ উল্লেখ্য যে কেলিফ’র্নিয়াম অতি ব্যয়বহুল তেজস্ক্রিয় পদার্থ৷ অনুজ্ঞাপত্র অবিহনে ই বিক্রী কৰিব নোৱাৰে৷ দেশৰ মুম্বাইস্থিত ভাৱা এট’মিক ৰিছার্চ চেণ্টাৰতহে এই সামগ্রীবিধ পোৱা যায়৷ কেলিফ’র্নিয়াম ছিন্থেটিক কর্কট ৰোগৰ চিকিৎসা আৰু চিকিৎসা উদ্যোগত ব্যৱহাৰ কৰা হয়৷

You might also like