নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ কেৰালাৰ কোচিত কালি এক গ্লাইডাৰ দুর্ঘটনাত নিহত হৈছে নৌসেনাৰ দুগৰাকী কর্মী৷ ইঞ্জিনবিহীন এই গ্লাইডাৰ দুর্ঘটনাত পতিত হৈছে নৌসেনাৰ ঘাটিৰ সমীপৱর্তী টপ্পুমপাডী দলঙত৷ পুৱা সাত বজাত ৰুটিনমাফিক উৰণৰ সময়ত এই গ্লাইডাৰখন দুর্ঘটনাত পতিত হয় বুলি নৌসেনাৰ সূত্রই সদৰী কৰিছে৷ নিহত নৌসেনাৰ কর্মী দুগৰাকীক লেফটেনেণ্ট ৰাজীৱ ঝা আৰু সুনীল কুমাৰ বুলি চিহ্ণিত কৰা হৈছে৷
দুর্ঘটনাৰ পিছতে নৌসেনাৰ কর্মী দুগৰাকীক আই এন এইচ এছ সঞ্জীৱনী হাস্পতাললৈ প্রেৰণ কৰা হৈছিল যদিও হাস্পতালৰ চিকিৎসকে দুয়োগৰাকী কর্মীক মৃত বুলি ঘোষণা কৰে৷ এই দুর্ঘটনাৰ পিছতে ছাউদার্ন ন’ভেল কমাণ্ডৰ পৰা এক তদন্তৰ নির্দেশ জাৰি কৰিছে৷
লক্ষণীয়ভাৱে এই দুর্ঘটনাৰ মাত্র দুদিন পূর্বে সমুদ্রত গ্লাইডাৰ পৰি এগৰাকী নৌ বিষয়াৰ মৃত্যু হৈছিল৷ এই দুর্ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে বিয়লি কর্ণাটকৰ কাৰৱাৰ অঞ্চলত৷ সমুদ্রত গ্লাইডাৰ পৰি প্রাণ হেৰুওৱা নৌসেনাৰ বিষয়াগৰাকী আছিল মধুসূদন ৰেড্ডী৷