নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ কোচিত দেশীয়ভাৱে নির্মীয়মাণ বিমান পৰিবাহক জাহাজৰ পৰা গোপন তথ্যসমৃদ্ধ কম্পিউটাৰৰ ডিভাইচ চুৰি কৰাৰ অভিযোগত দুজনক গ্রেপ্তাৰ কৰিছে নিয়াই৷ কোচি শ্বীপয়ার্ড লিমেটেডৰ নির্মীয়মাণ বিমান পৰিবাহী জাহাজৰ পৰা কম্পিউটাৰৰ হার্ডৱেৰ বিগত বর্ষৰ জুন আৰু ছেপ্ঢেম্বৰ মাহত চুৰি কৰা দুজন লোকক নিয়াই বিহাৰ আৰু ৰাজস্থানৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
কেৰালা আৰক্ষীয়ে এই চুৰি সন্দর্ভত গোচৰ ৰুজু কৰি পাছলৈ সেই গোচৰ সন্ত্রাসবিৰোধী সংস্থা নিয়ালৈ হস্তান্তৰ কৰে৷ সেইমর্মে তদন্ত অব্যাহত ৰাখি নিয়াই বিভিন্ন ৰাজ্যত অনুসন্ধান চলাই বিহাৰ আৰু ৰাজস্থানৰ পৰা সুমিত কুমাৰ সিং নামৰ ২৩ বছৰীয়া যুৱক আৰু ৰাজস্থানৰ পৰা ২২ বছৰীয়া দয়াৰামক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্রেপ্তাৰ কৰা দুই লোকৰ পৰা নিয়াই চুৰি কৰা কম্পিউটাৰৰ ডিভাইচো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে ধৃত লোক দুজনে নির্মীয়মাণ বিমান পৰিবাহী জাহাজত ঠিকাভিত্তিক শ্রমিক হিচাপে কর্মৰত আছিল৷ সেই সময়তে গুৰুত্বপূর্ণ কম্পিউটাৰৰ ডিভাইচ চুৰি কৰিছিল৷