নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী সীমান্তত পঞ্জাবৰ প্রতিবাদী দুজন কৃষকৰ মৃত্যু, মৃতকৰ সংখ্যা ২০জনলৈ বৃদ্ধি

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ প্রচণ্ড শীতক নেওচি নতুন দিল্লীৰ সীমান্তত প্রতিবাদ অব্যাহত ৰাখিছে কৃষক সংগঠনসমূহে৷ বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ নকৰালৈকে এই প্রতিবাদ অব্যাহত থাকিব বুলি কেন্দ্রীয় চৰকাৰক হুংকাৰ দিছে কৃষক সংগঠনৰ প্রতিনিধিয়ে৷ ইপিনে নতুন দিল্লীৰ সীমান্তত প্রচণ্ড শীতৰ মাজত প্রতিবাদ কৰি থকা অৱস্থাতে আজি দুজনকৈ কৃষকৰ মৃত্যু ঘটিছে৷ নতুন দিল্লীৰ টিক্রী সীমান্তত ৩৮ বছৰীয়া পঞ্জাবৰ কৃষক এজনৰ পুৱা মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃত্যু ঘটিছে সিংঘু সীমান্তত৷ ইয়াকে লৈ যোৱা ২১ দিন ধৰি কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদৰ সময়ত বিভিন্ন কাৰণত প্রাণ হেৰুওৱা প্রতিবাদী কৃষকৰ সংখ্যা ২০জনলৈ বৃদ্ধি পাইছে৷

তথ্য মতে, টিক্রী সীমান্তৰ সমীপত থকা প্রতিবাদস্থলীত মৃত অৱস্থাত উদ্ধাৰ হোৱা কৃষকজন পঞ্জাবৰ৷ পঞ্জাবৰ বাথিন্দ জিলাৰ টুংআলি গাঁৱৰ জয় সিং বুলি চিনাক্ত কৰা হৈছে৷ সিংঘু সীমান্তৰ সমীপৰ নলাত পৰি মৃত্যু ঘটা প্রতিবাদী কৃষকজনক পঞ্জাবৰ ভীম সিং বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ টিক্রী সীমান্তত প্রাণ হেৰুওৱা কৃষকজন শীতৰ প্রকোপত নে হূদৰোগত আক্রান্ত হৈছে, সেই সন্দর্ভত এতিয়াও নিশ্চিত হোৱা নাই৷ মৃত জয় সিঙৰ মৃতদেহ বাহাদুৰ গড় অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷ কৃষক দুজনৰ মৃত্যু হোৱাৰ পাছতে ভাৰতীয় কিষাণ ইউনিয়নে মৃতকৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে আত্মীয়ক চৰকাৰী চাকৰি প্রদান কৰিবলৈ চৰকাৰক দাবী জনাইছে৷

উল্লেখ্য যে মৃত্যু ঘটা দুজনকে ধৰি যোৱা নৱেম্বৰ মাহৰ শেষৰ পৰা দিল্লী চলো প্রতিবাদী কার্যসূচী গ্রহণ কৰা কৃষক সংগঠনৰ সৈতে আন্দোলনত অংশ লোৱা ২০জনে প্রাণ হেৰুৱাইছে৷ এই প্রাণ হেৰুওৱাসকলৰ অধিকাংশই পঞ্জাবৰ৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা সিংগাৰা সিঙে প্রকাশ কৰা মতে, প্রতিবাদৰ সময়ত প্রাকৃতিক কাৰণৰ লগতে পথ দুর্ঘটনাত কৃষককেইগৰাকীৰ মৃত্যু ঘটিছে৷

You might also like