নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবাৰকৈ প্রধানমন্ত্রী হোৱাৰ সুযোগ পাইছিল পাৱাৰে

শিৱসেনাৰ মুখপত্রত পেটেলৰ নিবন্ধ

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ  ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰৰ জীৱনলৈ দুবাৰকৈ আহিছিল প্রধানমন্ত্রী হোৱাৰ সুযোগ৷ কিন্তু কংগ্রেছৰ অভ্যন্তৰত থকা বহু উপদলৰ বাবেই পাৱাৰক প্রধানমন্ত্রী পদ প্রদান কৰা নহ’ল৷ শতাব্দীপ্রাচীন দলটোৰ ‘দৰবাৰ ৰাজনীতি’ৰ বাবে পাৱাৰক প্রধানমন্ত্রী হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল৷ শেহতীয়াকৈ এনচিপিৰ মুৰব্বী পাৱাৰৰ ৮০ বছৰীয়া জন্মদিনত এই মন্তব্য আগবঢ়াইছে জ্যেষ্ঠ নেতা প্রফুল পেটেলে৷ এনচিপিৰ জ্যেষ্ঠ নেতা পেটেল হৈছে পাৱাৰৰ অতি ঘনিষ্ঠ৷ ১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত পাৱাৰক বহু নেতাই কংগ্রেছৰ মুৰব্বী হিচাপে বিচাৰিছিল বুলি প্রফুল পেটেলে শিৱসেনাৰ মুখপত্র ‘সামনা’ত এক প্রবন্ধত উল্লেখ কৰিছে৷ পাৱাৰক বাদ দি সেই সময়ত নৰসিংহ ৰাওক দলৰ একাংশই আনি প্রধানমন্ত্রী পাতিছিল বুলিও পেটেলে অভিযোগ কৰিছে৷ ১৯৯৬ চনত পাৱাৰে দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী হোৱাৰ সুযোগ পাইছিল যদিও এইচ ডি দেৱেগৌড়াক কংগ্রেছৰে একাংশই প্রক্ষেপ কৰিছিল বুলি অভিযোগ কৰিছে পেটেলে৷

You might also like