কেৰী লামৰ বিৰুদ্ধে আমেৰিকাৰ নিষেধাজ্ঞা, হংকঙৰ জনসাধাৰণৰ পক্ষত ৱাশ্বিংটন প্রশাসন
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ চীন শাসিত হংকঙৰ মুখ্য কার্যবাহী কেৰী লাম আৰু মূল চীনা ভূখণ্ডৰ আন ১০গৰাকী শীর্ষ বিষয়ববীয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাৰ কোষাগাৰ বিভাগে৷
কোষাগাৰ সচিব ষ্টিভেন নুচিনে উল্লেখ কৰা অনুসৰি হংকঙৰ স্বায়ত্ত শাসনক ধ্বংস কৰিবলৈ বিচৰা বাবেই এই বিষয়ববীয়াসকলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে নিষেধাজ্ঞা৷
হংকঙৰ জনসাধাৰণৰ সৈতে আমেৰিকা সদায় আছে বুলি মন্তব্য কৰি নুচিনে উল্লেখ কৰিছে যে এছিয়াৰ সমৃদ্ধিশালী চহৰখনৰ স্বায়ত্ত শাসন ধ্বংস কৰিবলৈ ওলাইছে চীনে৷ হংকঙৰ অস্তিত্বক বিপন্ন কৰিবলৈ বিচৰা কোনো ব্যক্তি বা দেশক আমেৰিকাই সহজভাৱে নলয় বুলিও মন্তব্য কৰিছে নুচিনে৷
উল্লেখনীয় যে চীনে হংকঙৰ ওপৰত বিতর্কিত নিৰাপত্তা আইন জাপি দিয়াৰ পাছতে তীব্র ক্ষোভ উজাৰিছিল আমেৰিকাই৷ শেহতীয়াকৈ চীনৰ আশিসধন্য হংকঙৰ মুখ্য কার্যবাহী কেৰী লামৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি আমেৰিকাই স্পষ্ট কৰি দিছে যে বিতর্কিত নিৰাপত্তা আইনক কেতিয়াও দেশখনে সমর্থন নকৰে৷ স্মর্তব্য যে শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ মাজত চলি আছে বাণিজ্যিক ক্ষেত্রত তীব্র মতবিৰোধ৷ চীনৰ উইচাত আৰু টিকটক এপৰ বিৰুদ্ধেও নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই৷