ৰাছিয়ালৈ ভয়, পশ্চিম বিশ্বই হতাশ কৰিছে ইউক্ৰেইনক
বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আমেৰিকা আৰু নাটোৰ সকীয়নি সত্ত্বেও ইউক্রেইনত সামৰিক অভিযান আৰম্ভ কৰিলে ৰাছিয়াই। বৃহস্পতিবাৰে নতুনকৈ একাধিক মার্কিন নিষেধাজ্ঞা পোৱাৰ পাছতো নিজৰ অৱস্থানত অটল ভ্লাডিমিৰ পুটিন। কিন্তু পশ্চিম বিশ্বৰ অৱস্থানত হতাশা প্রকাশ কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। তেওঁ কৈছে- ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্রেইনক অকলে এৰি দিয়া হৈছে। জেলেনস্কিয়ে পুণৰ কৈছে যে তেওঁ ইউৰোপৰ ২৭ জন নেতাক প্ৰশ্ন কৰিছিল, ইউক্রেইন নাটো বাহিনীত থাকিবনে নাই। কিন্তু প্রত্যেকেই ভয় কৰি আছে। কোনেও উত্তৰ দিয়া নাই। তদুপৰি ইউক্রেইনী ৰাষ্ট্ৰপতিজনে দাবী কৰিছে যে সাধাৰণ নাগৰিকক লক্ষ্য কৰিছে ৰুছ সেনা বাহিনীয়ে। ইউক্রেইনৰ ‘যুদ্ধৰ’ বিৰুদ্ধে ৰাছিয়াৰ নাগৰিকক প্রতিবাদৰ আর্জি জনাইছে তেওঁ।