নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধভূমিত প্রেমৰ বার্তা; বিবাহপাশত আবদ্ধ দুই সৈনিক

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ প্রতি মুহূর্ততে যুদ্ধক্ষেত্রত ৰুছ গোলাবর্ষণ আৰু ক্ষেপণাস্ত্রৰ আঘাতত থানবান হৈছে ইখনৰ পাছত সিখন চহৰ৷ যুদ্ধভূমিত প্রাণৰক্ষা কৰাটো জটিল হৈ পৰিছে ইউক্রেইনবাসীৰ বাবে৷ সৈনিকসকলে কেতিয়া শত্রুপক্ষৰ বোমাত মৃত্যুবৰণ কৰিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই৷ এতিয়ালৈকে ৰাছিয়া আৰু ইউক্রেইনৰ কেইবাহাজাৰো সৈনিক নিহত হৈছে৷ প্রাণ হেৰুৱাইছে বহু অসামৰিক লোকে৷ গৃহহীন হ’বলগীয়া হৈছে ১৫ লক্ষাধিক লোক৷ জীৱনৰক্ষাৰ বাবে জন্মভূমিৰ মমতাক নেওচা দিও বিদেশলৈ পলায়ন কৰিছে ১০ লক্ষাধিক ইউক্রেইনীয়ে৷ তাৰ মাজতো প্রেম আৰু মানৱতাক অমৰ কৰি ৰাখিব বিচাৰিছে বহু ইউক্রেইনী সৈনিকে৷ যুদ্ধ বিভীষিকাতকৈ প্রেম বহু ঊর্ধ্বত৷ সেই কথাই প্রমাণিত হ’ল কিয়েভৰ ৰণাংগণত৷ সমীপত ৰাছিয়াৰ তুমুল গোলাবর্ষণ চলি থকাৰ সময়তো ইউক্রেইনী সেনাৰ ফ্রণ্ট লাইনৰ যোদ্ধা লেছিয়া আৰু ভেলাৰিয়ে বিবাহপাশত আবদ্ধ হ’ল৷ তেওঁলোকে জানে যিকোনো মুহূর্ততে তেওঁলোকৰ মৃত্যু হ’ব পাৰে৷ কিন্তু ৰণাংগণৰ পৰা প্রেম আৰু মানৱতাৰ বার্তা প্রেৰণ কৰি দীর্ঘদিনৰ সৈনিক প্রেমিক–প্রেমিকাই বিবাহপাশত আবদ্ধ হৈছে৷ ইতিমধ্যে এই বিয়াৰ ভিডি’ই ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ লেছিয়া আৰু ভেলাৰিক পৰম্পৰাত ইউক্রেইনী বাদ্যযন্ত্র বজাই সতীর্থসকলে যুগ্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like