নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনত ছিৰিয়ান যোদ্ধাক নমাব ৰাছিয়াই

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ১২ দিনৰ যুদ্ধত ইউক্রেইন কার্যতঃ ধ্বংসস্তূপত পৰিণত হৈছে৷ ৰাজধানী কিয়েভ আৰু খাৰকিভত ইউক্রেইনী সেনাই প্রবল প্রতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে যদিও প্রতিদিনে ৰাছিয়াৰ গোলাবর্ষণ আৰু ক্ষেপণাস্ত্রৰ আঘাতত থানবান হৈছে চহৰখনৰ বহু প্রাসাদ৷ শেহতীয়াকৈ খাৰকিভ আৰু কিয়েভত প্রবল প্রতিৰোধৰ সন্মুখীন হোৱা ৰাছিয়াই ছিৰিয়ান যোদ্ধাক ইউক্রেইনত নমোৱাৰ সিদ্ধান্ত লৈছে৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ছিৰিয়াৰ হিংস্র সেনাক ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত নমাব৷ ৱাল ষ্ট্রিট জার্নালৰ প্রতিবেদন অনুসৰি চহৰৰ যুদ্ধত অতি সুদক্ষ ছিৰিয়ান যোদ্ধা৷ ছিৰিয়াত পূর্বে হৈ যোৱা চহৰবোৰৰ যুদ্ধত দেশখনৰ সেনাই প্রবল পৰাক্রম দেখুৱাবলৈ সক্ষম হৈছিল৷ দীর্ঘদিন ধৰি এলেপ্পো–ইডলিবসহ ছিৰিয়াৰ বিভিন্ন স্থানত ইছলামিক ষ্টেট তথা অন্যান্য বিদ্রোহী গোটবোৰৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে দেশখনৰ বাহিনীয়ে৷ কৌশলগত দিশৰ পৰা অতি মজবুত ছিৰিয়ান বাহিনী৷ তাৰ তুলনাত চহৰ অঞ্চলৰ যুদ্ধত ৰাছিয়ান সৈনিকৰ অভিজ্ঞতা কম৷ গতিকে কিয়েভসহ কেইবাখনো ইউক্রেইনী চহৰত ছিৰিয়ান বাহিনীক মোতায়েন কৰিব ৰাছিয়াই৷ ইতিমধ্যে ছিৰিয়াৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ সৈতে পুটিনৰ এই সন্দর্ভত আলোচনাও হৈছে৷

You might also like