নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপালত তাণ্ডৱ উমা ভাৰতীৰ, ভাঙিলে দোকান…

বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ ভূপালত তাণ্ডৱ চলালে জ্যেষ্ঠ বিজেপি নেত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে! আইন হাতত তুলি লৈ দেওবাৰে সুৰাৰ বিপনী ভাঙিবলৈ গ’ল তেওঁ। প্ৰথমে শিল দলিয়ালে, পাছত দোকানৰ ভিতৰত সোমাই এফালৰ পৰা সকলোবোৰ বয়-বস্তু ধ্বংস কৰিবলৈ লয়। এদল মানুহক লগত লৈ গৈ উমা ভাৰতীয়ে এনে কাম কৰে আৰু লগত থকা সকলোৱে সেই কাৰ্যৰ সমৰ্থন জনায়। উল্লেখণীয় যে, মধ্যপ্ৰদেশত সুৰা নিষিদ্ধ হ’ব লাগে বুলি দাবী জনাই অহা ভাৰতীয়ে মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানক লগ কৰাৰ দুদিন পাছতে এনে কাম কৰে। ইয়াকে লৈ বিৰোধীয়ে সমালোচনা কৰাৰ সুযোগ পাইছে।

You might also like