নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বিৰুদ্ধে সৰৱ ইউএন ৱাটচ

ধর্মীয় সংখ্যালঘু লোকক নির্যাতন

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদত পাকিস্তানৰ উপস্থিতি ‘অনমনীয়’ বুলি উল্লেখ কৰিছে জেনেভাস্থিত এটা স্বেচ্ছাসেৱী সংস্থা (এনজি’)ই৷ এন জি অ’ ইউ এন ৱাটচে উল্লেখ কৰা অনুসৰি দেশখনত ধর্মীয় সংখ্যালঘু লোকসকল বৈষম্যৰ সন্মুখীন হৈ আহিছে৷ বিভিন্ন সময়ত ধর্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত আতিশয্য চলাৰ উপৰি জোৰপূর্বক ধর্মান্তৰকৰণ চলি থকা বুলিও অভিযোগ কৰিছে এন জি অ’টোৱে৷ স্মর্তব্য যে ইউ এন ৱাটচে ৰাষ্ট্রসংঘত বিভিন্ন দেশৰ অভ্যন্তৰত মানৱ অধিকাৰ কিদৰে চলিছে তাক নিৰীক্ষণ কৰি আহিছে৷ স্মর্তব্য যে ফৰাচী শিক্ষক এগৰাকীক পেৰিছত ইছলামিষ্ট সন্ত্রাসবাদীয়ে হত্যা কৰা ঘটনাক পাকিস্তানী চৰকাৰে সমর্থন জনোৱাৰ পিছতে ইউ এন ৱাটচে এই অভিযোগ কৰিছে৷ ইয়াৰ পূর্বেও পাকিস্তানত সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে পাইকাৰী হাৰত আতিশয্য চলা বুলি মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰিছিল৷

You might also like