সাগৰীয় ঘাঁহ সংৰক্ষণৰ দাবীত পানীৰ তলত প্ৰতিবাদ মহিলা সমুদ্ৰ বিজ্ঞানীৰ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ প্ৰতিবাদ কৰা সকলোৱে দেখিছে, কিন্তু পানীৰ তলত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰা হয়তো আপুনি দেখা নাই। মৌৰিতানিয়াৰ এগৰাকী মহিলা সমুদ্ৰ বিজ্ঞানীয়ে কৰিছে এনে প্ৰতিবাদ।
মহিলা বিজ্ঞানীগৰাকীয়ে সাগৰতলিৰ কৰেল ৰীফ (সাগৰতলিত থকা মাছৰ আহাৰ ঘাঁহজাতীয় উদ্ভিদ) ৰক্ষাৰ বাবে পানীৰ তলত প্ৰতিবাদ কৰা দেখা গৈছে। জলবায়ু পৰিৱৰ্তনক লৈ বিশ্বজুৰি চলি থকা আন্দোলনক শক্তিশালী কৰিবলৈ তেওঁ প্ৰতিবাদৰ এই অভিনৱ কৌশল অৱলম্বন কৰে।
ভাৰত মহাসাগৰৰ পশ্চিম অংশত অৱস্থিত মৌৰিতানিয়া হৈছে আফ্ৰিকাৰ উত্তৰ-পশ্চিম দেশ। এই অঞ্চলৰ অৱস্থিত সাগৰ অংশ হাজাৰ হাজাৰ সামুদ্ৰিক জীৱৰ খাদ্য আৰু বসতিস্থান। কিন্তু উদ্য়োগ শিল্পৰ ক্ৰমাগত বৰ্ধিত হাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ উষ্ণতা বৃদ্ধিৰ বাবে বিশ্বই প্ৰতি বছৰে প্ৰায় ৭ শতাংশ সাগৰীয় কৰেল ৰীফ বা ঘাঁহ হেৰুৱাই আছে।
ইয়াৰ প্ৰভাৱ উক্ত অঞ্চলতো পৰা দেখা গৈছে। এনে পৰিস্থিতিত মৌৰিতানিয়াৰ ২৪ বছৰীয়া সামুদ্ৰিক বিজ্ঞানী শামা চাণ্ডুয়াই সাগৰত প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে।
উল্লেখ্য, শামা আৰু তেওঁৰ সহযোগীসকলে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ ৩০ শতাংশ পানী আৰু ভূমিক সুৰক্ষিত অঞ্চল হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰসংঘৰ লক্ষ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈও চেষ্টা কৰি আছে।