নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাহাকাৰ ১৪.৭ শতাংশলৈ দেশত বৃদ্ধি পালে নিবনুৱাৰ হাৰ

নিয়মীয়া বাৰ্তা,  ২৬ মে’: ক’ৰোনাসৃষ্ট পৰিস্থিতি আৰু ক’ভিড প্রতিহত কৰিবলৈ বলৱৎ কৰা লকডাউনৰ ফলত দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ বিগত সপ্তাহত দেশত সামগ্রিকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ১৪.৭ শতাংশলৈ৷ ২০২০ চনৰ জুন মাহৰ পাছত নিবনুৱাৰ হাৰ এয়াই সর্বাধিক বৃদ্ধি হৈছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা ২৩ মে’ত দেশৰ চহৰাঞ্চলত নিবনুৱাৰ হাৰ হ’ল ১৭.৪ শতাংশ৷ ইয়াৰ পূর্বৰ সপ্তাহ অর্থাৎ ১০ৰ পৰা ১৬ মে’ পর্যন্ত চহৰাঞ্চলৰ নিবনুৱাৰ হাৰ আছিল ১৪.৭ শতাংশ৷ অর্থাৎ এটা সপ্তাহৰ ব্যৱধানত চহৰাঞ্চলত নিবনুৱাৰ হাৰ ২.৭ শতাংশ বৃদ্ধি পাইছে৷

অৱশ্যে গ্রামাঞ্চলত পূর্বৰ সপ্তাহৰ তুলনাত শেহতীয়া সপ্তাহটোত নিবনুৱাৰ হাৰ ১৪.৩ শতাংশৰ পৰা ১৩.৫ শতাংশলৈ হ্রাস পাইছে৷ মাহ হিচাপতো এই ছবিখন নিৰাশাজনক৷ মার্চ মাহত দেশত নিবনুৱাৰ হাৰ আছিল ৬.৫ শতাংশ৷ এপ্রিল মাহত এই হাৰ ৮ শতাংশলৈ বৃদ্ধি পায়৷ একেদৰে দ্রুতগতিত হ্রাস পাইছে কর্মসংস্থাপনো৷ মার্চত ভাৰতবর্ষত কর্মসংস্থাপনৰ হাৰ ৩৭.৬ শতাংশ হোৱাৰ বিপৰীতে এপ্রিল মাহত এই হাৰ ৩৬.৮ শতাংশলৈ হ্রাস পাইছে৷ প্রণিধানযোগ্য যে ২০২০ চনৰ জুন মাহৰ মাজভাগত দেশত নিবনুৱাৰ হাৰ আছিল ৮.৬৭ শতাংশ৷ কিন্তু চলিত বছৰৰ ৯ মে’ত এই হাৰ ১৪.৪ শতাংশ আৰু ২৩ মে’ত ১৪.৭ শতাংশলৈ বৃদ্ধি পাইছে৷

চি এম আই ইৰ প্রতিবেদন মতে, ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে মে’ মাহত দেশৰ অধিকাংশ স্থানত লকডাউন বলৱৎ কৰা হয়৷ যাৰ বাবে দেশত এই সময়ছোৱাত নিবনুৱাৰ হাৰ অধিক বৃদ্ধি পাইছে৷ সংস্থাটোৰ চি ই অ’ মহেশ ব্যাসৰ মতে, বিগত ২০২০ চনৰ এপ্রিল আৰু মে’ মাহত যেতিয়া লকডাউন বলৱৎ কৰা হৈছিল, তেতিয়া প্রথমবাৰ নিবনুৱাৰ হাৰে দুটা অংকত প্রৱেশ কৰিছিল৷ এইবাৰ যদিও দেশজোৰা লকডাউন বলৱৎ কৰা হোৱা নাই, তাৰ পাছতো স্থানীয়ভাৱে কেতবোৰ কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰা হৈছে৷ যাৰ বাবে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে গ্রামাঞ্চলত এমএনৰেগাৰ জৰিয়তে বহুসংখ্যক লোকে সংস্থাপন লাভ কৰিছে৷ যাৰ বাবে গ্রামাঞ্চলত নিবনুৱাৰ হাৰ কিছু পৰিমাণে হ্রাস পাইছে৷ অৱশ্যে সামগ্রিকভাৱে দেশৰ ১৪.৭ শতাংশ নিবনুৱাৰ হাৰ বিগত বর্ষৰ জুন মাহৰ পাছত সর্বাধিক হিচাপে বিবেচিত হৈছে৷

You might also like