নিয়মীয়া বাৰ্তা, ২৪ জুনঃ বন্দে ভাৰত অভিযানৰ অধীনত ভাৰতীয় লোকক আমেৰিকাৰ পৰা ঘূৰাই অনাৰ ক্ষেত্রত প্রতিবন্ধকতা আৰোপ কৰিব পাৰে ৱাশ্বিংটনে৷ ইয়াৰ জৰিয়তে আমেৰিকাই ইতিপূর্বে ভাৰতৰ সৈতে থকা দ্বিপাক্ষিক চুক্তি ভংগ কৰিবলৈ সাজু হৈছে৷ চুক্তিমতে দুয়োখন দেশে উদ্ধাৰ অভিযানৰ বাবে পৰস্পৰৰ যাত্রীবাহী বিমানক বাধা দিব নোৱাৰে৷
কিন্তু মার্কিন চৰকাৰখনে এয়াৰ ইণ্ডিয়াই চার্টার্ড ফ্লাইটৰ নামত ব্যৱসায় কৰিছে, যাৰ ফলত মার্কিন বিমান সেৱাৰ সন্মুখত ‘প্রতিযোগিতামূলক অসুবিধা’ আহি পৰিছে৷ তেওঁলোকে আঙুলিয়াই দিছে যে এয়াৰ ইণ্ডিয়াই এমাহত ৫৯খন চার্টার্ড ফ্লাইট চলোৱাৰ পৰিকল্পনা কৰি পোনপটীয়াকৈ টিকট বিক্রী কৰিছে৷ ভাৰতলৈ আমেৰিকাৰ পৰা অহা বাণিজ্যিক বিমানৰ ৫৩ শতাংশই হ’ব এয়াৰ ইণ্ডিয়াৰ বন্দে ভাৰত অভিযানৰ অন্তর্গত চার্টার্ড বিমান৷
আমেৰিকাৰ ডিপার্টমেণ্ট অৱ ট্রেন্সপ’র্টে এয়াৰ ইণ্ডিয়াক স্পষ্ট কৰি দিছে যে ভাৰতীয় সংস্থাটোৱে আমেৰিকাৰ পৰা অহা–যোৱা কৰা প্রতিখন চার্টার্ড বিমানৰ বাবে আগতীয়া অনুমতি লোৱা প্রয়োজন হ’ব৷ ভাৰত চৰকাৰে মার্কিন বিমান পৰিবহণ প্রতিষ্ঠানসমূহৰ ব্যৱসায়ত ক্ষতি কৰাৰ বাবে এনে পদক্ষেপ লোৱা বুলি জনাইছে মার্কিন পৰিবহণ বিভাগে৷ উল্লেখ্য যে ভাৰতে আজিৰ পৰা মার্কিন বিমানৰ অহা–যোৱাত বাধা আৰোপ কৰি ইয়াৰ পূর্বে এক নির্দেশনা জাৰি কৰিছিল৷