নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UNLOCK-1.0ৰ সময়ত ‘অসচেতন’ জনতা

নিয়মীয়া বাৰ্তা, ৩০জুনঃ লক ডাউনৰ পাছত দেশজুৰি আনলক ১.০ আৰম্ভ হোৱাৰ পাছত দেশবাসীৰমাজত বৃদ্ধি পালে অসচেতনতা। সকলোৱে যেন ক’ৰোনাক অৱহেলা কৰি চলিব ধৰিলে তাৰ ফলতেই বৃদ্ধি পালে ক’ৰোনা আক্ৰান্ত সংখ্যা। মাস্ক পৰিধান নকৰি, সামাজিক দূৰত্ব বৰ্তাই নাৰাখি একাংশ অনাহকত ঘূৰি ফুৰাৰ বাবেই বৃদ্ধি পালে গণ সংক্ৰমণ।

প্ৰথমে আমি সামাজিক দূৰত্ব, মাস্ক তথা সঘনে হাত ধোৱাক লৈ সচেতন আছিলো কিন্তু আজি যেতিয়া আমাক অধিক সচেতনতাৰ প্ৰয়োজন হৈছে সেইসময়তে অৱহেলা বৃদ্ধি পোৱাটোহে অতি চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়াও সকলো সচেতন হৈ থকাৰ প্ৰয়োজন আছে বুলিও জনতাক উদ্দেশ্যি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

যিসকল লোকে এনে নিয়মসমূহ মনা নাই সেইসকলক আমি বুজাব পাৰিব লাগিব। সামাজিক স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ আহ্বান জনালে মোদীয়ে।

You might also like