নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত প্রাথমিক বিদ্যালয় মুকলিঃ ফুল–বেলুন–চকলেটে শিক্ষার্থীক আদৰণি বিদ্যালয়ত

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ উত্তৰ প্রদেশত সোমবাৰে বিদ্যালয়সমূহ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে৷

উল্লেখনীয় যে ১০ ফেব্রুৱাৰীত ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে বিদ্যালয় মুকলি কৰা হৈছিল৷ আজি ৰাজ্যখনৰ বিভিন্ন স্থানত বিদ্যালয়ত পাঠ গ্রহণৰ বাবে যাত্রা কৰে প্রথমৰ পৰা পঞ্চম শ্রেণীৰ শিক্ষার্থীসকলে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে প্রায় এবছৰ ধৰি বন্ধ হৈ আছিল বিদ্যালয়বোৰ৷

সোমবাৰে মুখ্যমন্ত্রী যোগী আদিত্যনাথে নাৰাহি প্রাথমিক বিদ্যালয় পৰিদর্শন কৰি শিক্ষার্থীসকলৰ মাজত চকলেট বিতৰণ কৰে৷ ৰাজধানী লক্ষ্ণৌৰ বিদ্যালয়সমূহৰ কর্তৃপক্ষই শিক্ষার্থীসকলক কেক, লাড়ু, বেলুন, ফুল আদি প্রদান কৰি শুভেচ্ছা জ্ঞাপন কৰে৷ লক্ষণীয়ভাৱে সপ্তাহত শিক্ষার্থীসকলক দুদিনহে পাঠদানৰ সিদ্ধান্ত লৈছে উত্তৰ প্রদেশ শিক্ষা বিভাগে৷

You might also like