আদেশ অমান্যঃ উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানক অপসাৰণ
বিশেষ বাৰ্তা, ১২ মেঃ কামত মনোযোগ দিয়া নাছিল উত্তৰপ্রদেশ আৰক্ষীৰ শীর্ষ বিষয়া মুকুল গয়ালে। তাৰ লগতে অভিযোগ যে তেওঁ আদেশ অমান্য কৰিছে। সেইবাবেই আৰক্ষী সঞ্চালক প্রধান পদৰ পৰা অপসাৰণ কৰি তেওঁক গুৰুত্বহীন পদবী এটাৰ দায়িত্ব দিয়া হৈছে। ২০২১ চনৰ জুলাই মাহত উত্তৰপ্রদেশ আৰক্ষীৰ শীর্ষ পদত বহিছিল মুকুল গয়ালে। তেতিয়া তেওঁ কৈছিল, তেওঁৰ প্রধান কাম হ’ব অপৰাধ নিয়ন্ত্রণ। সমান্তৰালকৈ পুলিচে যাতে সাধাৰণ মানুহৰ প্রতি সংবেদনশীল হয়, আৰক্ষীৰ সৈতে মানুহৰ যোগাযোগ যাতে বৃদ্ধি পায়, সেইবোৰত নজৰ ৰাখিব। জনা মতে, তেওঁৰ কাম-কাজক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অসন্তুষ্ট আছিল। অলপতে, মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ আইন-শৃংখলাজনীত বৈঠক এখনত তেওঁ উপস্থিত নাছিল।