ইৰাক–ছিৰিয়া সীমান্তত বোমাবর্ষণ আমেৰিকাৰ
ইৰান সমর্থিত মিলিছিয়াক উৎখাতৰ সংকল্পঃ আইছিছৰ পুনৰুত্থানৰ আশংকা
নিয়মীয়া বাৰ্তা ২৯ জুনঃ ইৰাক আৰু ছিৰিয়া সীমান্তত ইৰান সমর্থিত মিলিছিয়াৰ বিৰুদ্ধে আজি আমেৰিকাই আৰম্ভ কৰিছে বোমাবর্ষণ৷ ইৰাকস্থিত মার্কিন বাহিনীৰ ওপৰত ড্রোন আক্রমণৰ প্রতিশোধ হিচাপে এই বোমাবর্ষণ আৰম্ভ কৰা হৈছে৷ পেণ্টাগনৰ এগৰাকী মুখপাত্রই সদৰী কৰা অনুসৰি মুঠ তিনিটা স্থানত মিলিছিয়াৰ অভিযানকাৰী গোট আৰু অস্ত্রভাণ্ডাৰত আকাশমার্গৰ পৰা পেলোৱা হৈছে বোমা৷ ৰাষ্ট্রপতি জ’ বাইডেনে উল্লেখ কৰা অনুসৰি ইৰাক–ছিৰিয়াত দেশখনৰ সৈনিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ হোৱাইট হাউছ বদ্ধপৰিকৰ৷ স্মর্তব্য যে ইৰাকত ২৫০০ মার্কিন সৈনিকে ইছলামিক ষ্টেটৰ বিৰুদ্ধে এতিয়াও অভিযান চলাই আছে৷
সেইদৰে ছিৰিয়াতো আমেৰিকান বাহিনীয়ে কুখ্যাত জেহাদী সংগঠনৰ বিৰুদ্ধে চলাই আছে অভিযান৷ প্রসংগক্রমে উল্লেখনীয় যে আমেৰিকান বিদেশ সচিব এণ্টনী ব্লিংকেনৰ মতে ছিৰিয়াত এতিয়াও ১০ হাজাৰ আইছিছ যোদ্ধা আছে৷ কুর্দ নিয়ন্ত্রণাধীন ছিৰিয়ান ডেম’ক্রেটিক ফ’র্চেছৰ বন্দীগৃহত আছে এই আইছিছ যোদ্ধাবোৰ৷ পৰিস্থিতি যিকোনো সময়তে অধিক ভয়াৱহ হৈ পৰিব পাৰে বুলি শংকা কৰিছে ব্লিংকেনে৷ ইৰাক আৰু ছিৰিয়াত যিকোনো মুহূর্ততে আইছিছে পুনৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ সম্ভাৱনা আছে বুলিও ব্লিংকেনে উল্লেখ কৰে৷