নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক হুংকাৰ দি মার্কিন ৰণতৰী–ভাৰতীয় সেনাৰ অনুশীলন

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ আগ্রাসী চীনক ৰুধিবলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ পাৰমাণৱিক শক্তিসম্পন্ন যুদ্ধ জাহাজৰ সৈতে সামৰিক অনুশীলন চলালে ভাৰতীয় নৌ বাহিনীয়ে৷ বিগত মাহত জাপানৰ সৈতে সাগৰত ভাৰতীয় নৌ বাহিনীয়ে সামৰিক অনুশীলন চলোৱাৰ পিছত আমেৰিকাৰ সৈতে যৌথ অনুশীলন  সম্পন্ন কৰিলে ভাৰতে৷ বিশ্বৰ সর্ববৃহৎ পাৰমাণৱিক শক্তিসম্পন্ন আমেৰিকা যুক্তৰাষ্ট্রৰ নৌ বাহিনীৰ ইউএছএছ নিমিটজ (চিভিএন–৬৮)ৰ সৈতে আন্দামান–নিকোবৰ দ্বীপপুঞ্জৰ উপকূলত ভাৰতীয় নৌ বাহিনীয়ে চলালে এই অনুশীলন৷ আমেৰিকা–ভাৰতৰ পাছেক্স (পাছিং এক্সাৰচাইজ) আন্দামান–নিকোবৰ দ্বীপপুঞ্জৰ উপকূলত সমাপন কৰি চীনক শক্তিশালী বার্তা প্রেৰণ কৰিলে দুয়ো দেশে৷

ভাৰতীয় ভূমি আগ্রাসনৰ প্রচেষ্টাৰ লগতে দক্ষিণ চীন সাগৰ আৰু ভাৰত মহাসাগৰত আধিপত্য বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাই থকা চীনক প্রত্যাহ্বান জনাবলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ইউএছএছ নিমিটজছে ভাৰতীয় নৌ বাহিনীৰ সৈতে এই যুদ্ধ জাহাজত দুয়ো দেশে সামৰিক অনুশীলন চলালে৷ তথ্য মতে, মালাক্কা (মালাক্কা ষ্টেইট) জলধাৰেৰে ইউএছএছ নিমিটজ ভাৰত মহাসাগৰত উপস্থিত হৈছে৷ এই মালাক্কা জলধাৰ হৈছে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজৰ এটি ঠেক জলধাৰ, যিটো গোলকীয় দৃষ্টিভংগীৰে অতিকে গুৰুত্বপূর্ণ৷ চীনকে ধৰি এছিয়াৰ বাকী দেশসমূহলৈ এই মালাক্কাৰেই তেলৰ সৰবৰাহ হয়৷ মালাক্কাৰে ভাৰত মহাসাগৰত উপস্থিত হোৱা ইউএছএছ নিমিটজ হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ শক্তিশালী যুদ্ধ বিমান কঢ়িওৱা জাহাজ৷ দক্ষিণ চীন সাগৰত থকা ইউএছএছ থিয়োডৰ ৰুছভেল্টৰ সৈতে এই যুদ্ধ জাহাজখনে আমেৰিকাৰ সামৰিক শক্তি অতি শক্তিশালী কৰি ৰাখিছে৷

উল্লেখ্য যে ইউএছএছ নিমিটজ যুদ্ধ বিমানবাহক জাহাজখনৰ নামকৰণ কৰা হৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রশান্ত মহাসাগৰীয় অঞ্চলৰ কমাণ্ডাৰ চেষ্টাৰ ডব্লিউ নিমিটজৰ নামত৷ নৌ বাহিনী, বায়ু সেনাবাহিনী আৰু সাগৰীয় সেনাকে ধৰি ৬ হাজাৰতকৈ অধিক জোৱান থকা নিমিটজত যুদ্ধ বিমানকে ধৰি প্রায় ৯০খন বিমান থাকে৷ বায়ুসেনা বাহিনীৰ ব’য়িং এফ/এ–১৮এফ ছুপাৰ হর্নেটছ, এফ/এ–১৮ই ছুপাৰ হর্নেটছ, মেকডনেল্ড ডাগলাছ এফ/এ–১৮ চি হর্নেটছকে ধৰি অত্যাধুনিক বিমান এই যুদ্ধ জাহাজখনত থাকে৷ ৩৩২৮৫ মিটাৰ দীঘল আৰু ৪০.৮৪ মিটাৰ উচ্চতাৰ এই যুদ্ধ জাহাজখনৰ প্রস্থ হৈছে ৭৬.৮ মিটাৰ৷ জাহাজখনে ১০০০২০ টন কঢ়িওৱাৰ লগতে প্রতিঘণ্টাত ইয়াৰ সর্বোচ্চ গতিবেগ ৫৮.৩ কিলোমিটাৰ৷ দুটাকৈ নিউক্লিয়েৰ ৰিয়েক্টৰ, চাৰিটা ষ্টিন টার্বাইন আৰু চাৰি ছাফট সংলগ্ণ এই জাহাজখনত ১৯৪ মেগাৱাট বিদ্যুৎ উৎপন্ন হয়৷

বিশ্বৰ সর্ববৃহৎ এই যুদ্ধ জাহাজখনে ভাৰতৰ নৌ বাহিনীৰ সৈতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ উপকূলত সামৰিক অনুশীলন চলোৱাটো সম্প্রতি অতিকে তাৎপর্যপূর্ণ৷ কিয়নো সেই সময়ছোৱাত চীনে ভাৰতৰ লাডাখৰ এলএচিত আগ্রাসী ভূমিকা লৈ যুদ্ধংদেহি স্থিতি লৈ আছে৷ ইয়াৰ সমান্তৰালকৈ ভাৰতেও চীনক প্রতিহত কৰিবলৈ সম্পূর্ণ সমৰসজ্জা গঢ়ি তুলিছে৷

You might also like