নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৮৫ বছৰীয়া মহিলাৰ প্রেমক লৈ সংবাদ মাধ্যমত আলোড়ন

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ প্রেমৰ কোনো বয়স নাই৷ আমেৰিকাৰ ৮৫ বছৰীয়া আইতা এগৰাকীৰ কাহিনীয়ে এতিয়া সংবাদ মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ নিউয়র্কৰ হেটি ৰেট্রোৱেজ নামৰ বৃদ্ধাগৰাকীৰ শেহতীয়াকৈ প্রেমিকৰ সৈতে সম্পর্কত ফাট মেলিছে৷ ৩৯ বছৰীয়া প্রেমিকৰ সৈতে সম্পর্কত বিচ্ছেদ ঘটাৰ পিছতে পুনৰ সুঠাম যুৱক বিচাৰি বাম্ব’ল এপত বিজ্ঞাপন দিছে বৃদ্ধাগৰাকীয়ে৷ ৮৫ বছৰীয়া হেটিয়ে উল্লেখ কৰিছে যে প্রেমহীন জীৱন শুকান মৰুসদৃশ৷

স্মর্তব্য যে ৪৮ বছৰ বয়সতে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল হেটিৰ৷ তেতিয়াৰে পৰা বহু তৰুণ আৰু যুৱকৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি আহিছিল মহিলাগৰাকীয়ে৷ উল্লেখনীয় যে ২০১৮ চনত চেনেল ফাইভৰ এজ গেপ লাভ শীর্ষক অনুষ্ঠানটোত প্রাক্তন প্রেমিকজনৰ সৈতে উপস্থিত হৈছিল হেটি৷ তেতিয়া হেটিয়ে উল্লেখ কৰিছিল যে জনৰ সৈতে সম্পর্ক যদি কেতিয়াবা নোহোৱা হয়, তেন্তে তেওঁ নতুন প্রেমিকৰ সন্ধান কৰিব৷ এই হেটিৰ কাহিনীয়ে এতিয়া আমেৰিকাৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে খলকনি৷

You might also like