নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাস দমনৰ বাবে বিমান আক্রমণত নালাগে অনুমতি

আফগানিস্তানৰ নতুন শাসক তালিবানক সকীয়নি দি আমেৰিকাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ আফগানিস্তানত সন্ত্রাসবিৰোধী যুঁজত অংশ লোৱা দেশসমূহে ক্ষতিপূৰণ দিব লাগিব বুলি তালিবানে দাবী কৰাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্রই তালিবানক প্রত্যক্ষভাৱে এই সন্দর্ভত সকীয়নি দিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পেণ্টাগনৰ প্রেছ সচিব জন কির্বিয়ে তালিবানক সকীয়নি দি কয় যে– আফগানিস্তানত সন্ত্রাসবিৰোধী অভিযান হিচাপে বিমানেৰে আক্রমণ চলালে তালিবানৰ সৈতে সমন্বয়ৰ কিম্বা অনুমতিৰ কোনো আৱশ্যক নাই৷

অর্থাৎ দেশখনত সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ চলালে তালিবানৰ সৈতে আলোচনা কৰাৰো আৱশ্যকতাবোধ নকৰে৷ প্রেছ সচিব কির্বিয়ে কয় যে– সমগ্র অঞ্চলটোতেই সন্ত্রাসবিৰোধী অভিযান চলাবলৈ সকলো আৱশ্যকীয় ব্যৱস্থা আমেৰিকাৰ হাতত আছে৷ তেওঁলোকে নিশ্চিত যে অঞ্চলটোত সন্ত্রাসবাদীৰ বিৰুদ্ধে বিমান আক্রমণ চলাবলৈ সকলো দিশতে সক্ষম আমেৰিকা৷ এনে ক্ষেত্রত তালিবানৰ পৰা বিমান আক্রমণৰ বাবে আকাশমার্গৰ অনুমতি লোৱাৰ কোনো প্রয়োজন নাই৷ ভৱিষ্যতেও প্রয়োজন হ’ব বুলি নাভাবে৷ আমেৰিকাৰ এই ঘোষণাক লৈ তালিবানে উদ্বিগ্ণতা প্রকাশ কৰিছে৷

You might also like