নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটি দালালৰ পিছত এইবাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ দালালৰ ওপৰত চলিব অভিযান

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ মাটি দালালৰ গ্ৰেপ্তাৰৰ পিছতেই এইবাৰ  জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো থকা দালালৰ বিৰোধে অভিযান চলাব।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে জিলা পৰিবহণ কাৰ্যালয়ৰ ৩৮২ দালালৰ লিষ্ট তেওঁৰ হাতত আছে। তেওঁলোকৰ আছে বহু সা- সম্পত্তি। ৰাজহ চক্ৰ দালাৰ দৰে এইসকলকো উৎখাত কৰিব বুলি হুংকাৰ দিয়ে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে ড্ৰাইভিং লাইচেন্স নৱীকৰণ কৰিবলৈ যাব নালাগে জিলা পৰিবহণ কাৰ্যালয়লৈ। ১৫ দিনত অনলাইন যোগে নৱীকৰণ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স।

You might also like