মৃত্যু উপত্যকা চামোলিৰ দুটাকৈ সুৰংগত আবদ্ধ শতাধিক শ্রমিক
উত্তৰাখণ্ড ট্রেজেডী ২৪ মৃতদেহ উদ্ধাৰঃ এতিয়াও নিখোজ ২০০
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ পাহাৰ আবৃত্ত চামোলি জিলাত হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্ট ভয়াৱহ প্রাকৃতিক দুর্যোগৰ বিভীষিকা অব্যাহত আছে৷ কালি শীতৰ পুৱাতে যোশীমঠত নন্দাদেৱী হিমবাহৰ এটা অংশ ভাগি পৰাৰ ফলতেই এই বর্ণনাতীত প্রাকৃতিক দুর্যোগ সংঘটিত হয় আৰু এই প্রাকৃতিক প্রলয়ত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে৷ আনপিনে দুই শতাধিক লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু এই সন্ধানহীন লোকক উদ্ধাৰৰ বাবে সেনা–এন ডি আৰ এফে দুঃসাহসিক অভিযান চলাই আছে৷ কালি ১০জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত আজি পুনৰ ১৪জনৰ মৃতদেহ উদ্ধাৰ হোৱাত চামোলি জিলাৰ প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পালে৷ উল্লেখ্য যে কালি পুৱা চামোলি জিলাৰ পাহাৰৰ চূড়াত হিমবাহ বিস্ফোৰণৰ প্রচণ্ড শব্দৰ পাছতেই ঋষিগংগা, ঢ়ৌলিগংগা আৰু অলকানন্দা নদীৰে তীব্র বেগেৰে নামি আহে জলাধাৰ৷ নদীৰ দুয়োপাৰে থকা ঘৰ আৰু গছ–গছনি উটুৱাই লৈ যায় এই অস্বাভাৱিক বানে৷ তিনিওখন নদীৰ জলপৃষ্ঠ মুহূর্তৰ ভিতৰতে ওফন্দি প্লাৱন সৃষ্টি কৰাত বহু লোকে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে৷ হাহাকাৰ পৰিৱেশৰ মাজৰ পৰা অঞ্চলবাসীক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে শিবিৰ স্থাপন কৰাৰ লগতে প্রয়োজনীয় সা–সামগ্রী যোগান ধৰিছে৷ যোৱানিশাৰে পৰা উদ্ধাৰ অভিযান চলাই আছে আই টি বি পি–এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে৷ প্রলয়ংকৰী বানৰ ফলত জলবিদ্যুৎ ষ্টেচন আৰু ৫খন দলং উটি যোৱাত অঞ্চলটোত অমানিশাৰ সৃষ্টি হৈছে৷ যোগাযোগ বিচ্ছিন্ন হৈ আবদ্ধ হৈ থকা গাঁওবাসীক নিৰাপদ স্থানলৈ অনাৰ অভিযান চলাই আছে সেনাৰ লগতে নৌবাহিনীৰ জোৱানেও৷
তথ্য মতে, এন টি পি চি প্রকল্পৰ ১৪৮ কর্মচাৰী আৰু ঋষিগংগাৰ ২২সহ ১৭০জন কর্মচাৰীৰ লগতে ২০০তকৈ অধিক লোক সন্ধানহীন হৈ আছে৷ তাৎপর্যপূর্ণ যে ২.৫ কিলোমিটাৰ দৈর্ঘ্যৰ সুৰংগ এটাত প্রায় ৩০জন কর্মচাৰী আবদ্ধ হৈ আছে৷ এই লোকসকলক উদ্ধাৰৰ বাবে সেনা, এন ডি আৰ এফে দুঃসাহসিক অভিযান চলাই আছে৷ তাপমাত্রা অতি নিম্ন আৰু দুর্গম অঞ্চলৰ লগতে সুৰংগটোত বোকা আৰু ধ্বংসাৱশেষ ভৰি পৰাত আবদ্ধ কর্মচাৰীক উদ্ধাৰত জটিলতা আহিছে৷ আই টি বি পিৰ দলে ১২জন আবদ্ধক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকীখিনিৰ ক্ষেত্রত এতিয়াও কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই৷ আজি পুৱা উত্তৰাখণ্ডৰ এছ ডি আৰ এফে জিলাখনৰ তপোবন বান্ধৰ সমীপৰ গুহাৰ পৰা ধ্বংসাৱশেষ আৰু বোকামাটি আঁতৰাই আছে৷ আনপিনে এছ ডি আৰ এফৰ এটা গোটে অলকানন্দ নদীৰ জলপৃষ্ঠ হ্রাস পোৱালৈ অপেক্ষা কৰি আছে৷ নদীৰ জলপৃষ্ঠ হ্রাস পালে সুৰংগত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰিব৷ এন ডি আৰ এফৰ কমাণ্ডেণ্ট প্রবীণ কুমাৰ তিৱাৰীয়ে প্রকাশ কৰা মতে, আজি পুৱতিনিশা ৩ বজাত এন ডি আৰ এফৰ দল এটা সুৰংগটোৰ ওচৰত উপস্থিত হৈছে৷ দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷ দলটোৱে যৎপৰোনাস্তি চেষ্টা চলাই গুহাত আবদ্ধ লোকক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷
ভাৰতীয় নৌবাহিনীয়ে প্রকাশ কৰা মতে, তপোবন বিষ্ণুগড় জলবিদ্যুৎ প্রকল্পটো সম্পূর্ণৰূপে ধ্বংস হৈছে৷ ৰাজ্যখনৰ ৰাজধানী ডেৰাডুনৰ পৰা ২৮০ কিলোমিটাৰ নিলগত ঢ়ৌলিগংগা আৰু ঋষিগংগা নদী সংলগ্ণ স্থানত তপোবন বান্ধ অৱস্থিত৷ ১৩খন গাঁও সংযোগী পাহাৰীয় দলং এখন উটি যোৱাত যোগাযোগ বিচ্ছিন্ন হোৱা উল্লিখিত গাঁওকেইখনৰ লোকক সেনাবাহিনীয়ে বিমানযোগে খাদ্য–সামগ্রী ওপৰৰ পৰাই যোগান ধৰিছে৷ আই টি বি পিৰ মুখপাত্র বিবেক কুমাৰ পাণ্ডেই প্রকাশ কৰা মতে, সুৰংগত আবদ্ধ প্রায় ৩০ শ্রমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই উদ্ধাৰ অভিযানত অত্যাধুনিক সা–সঁজুলি ব্যৱহাৰ কৰা হৈছে৷ তিনি শতাধিক আই টি বি পি জোৱানে উদ্ধাৰ অভিযানত ব্যস্ত আছে৷ এন ডি আৰ এফৰ মুৰব্বী এছ এন প্রধানে টুইটাৰত প্রকাশ কৰা মতে, ঘটনাস্থলীলৈ এম আই–১৭ হেলিকপ্ঢাৰ প্রেৰণ কৰা হৈছে৷ এই হেলিকপ্ঢাৰখন ইতিমধ্যে যোশীমঠৰ হেলিপেডত অৱতৰণ কৰিছে৷ ঘটনাস্থলীত সেনাৰ চিকিৎসা বিভাগৰ লোকো উপস্থিত হৈ উদ্ধাৰকৃত লোকক শুশ্রূষা চলাই আছে৷
এন টি পি চি আৰু ঋষিগংগা হাইডেল প্রজেক্ট ক্ষতিগ্রস্ত
ঢ়ৌলিগংগা, ঋষিগংগা আৰু অলকানন্দা নদীত হঠাতে অহা বানে উক্ত অঞ্চলটোত থকা দুটাকৈ বিদ্যুৎ প্রকল্প নেচনেল থার্মেল পাৱাৰ ক’পৰেচন (এন টি পি চি) লিমিটেডৰ তপোবন বিষ্ণুগড় হাইডেল প্রজেক্ট আৰু ঋষিগংগা হাইডেল প্রজেক্টৰ বিস্তৰ ক্ষতি কৰে৷
২৪ মৃতদেহ উদ্ধাৰ
ৰাজ্যখনৰ আৰক্ষীয়ে টুইটযোগে প্রকাশ কৰা মতে, ভয়াৱহ প্রাকৃতিক দুর্যোগৰ ফলত বিভিন্ন অঞ্চলত ২৪জন লোকে প্রাণ হেৰুৱাইছে৷ ইতিমধ্যে এই ২৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷
ঘটনাস্থলীলৈ যাবলৈ ২–৩ ঘণ্টাৰ প্রয়োজন, ২০০তকৈ অধিক লোক সন্ধানহীন ঃ মুখ্যমন্ত্রী ৰাৱাট
কালি পুৱা ১০.৪৫ বজাত পাহাৰৰ উচ্চ শিখৰত থকা হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্ট প্রলংয়কৰী বানৰ ফলত বহু ৰাজহুৱা সা–সম্পত্তি বিধ্বস্ত হোৱাৰ লগতে বর্তমানেও ২০০তকৈ অধিক লোক সন্ধানহীন হৈ আছে৷ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱাটে প্রকাশ কৰা মতে, ঘটনাস্থলীত উপস্থিত হ’বলৈ এন ডি আৰ এফ–এছ ডি আৰ এফ আৰু সেনাৰ দলক ২–৩ ঘণ্টাৰ প্রয়োজন হৈছে৷ তপোবন সুৰংগৰ ১৩০ মিটাৰ উচ্চতাত উপস্থিত হৈ উদ্ধাৰ অভিযান চলি আছে৷ সম্ভাৱনা মতে ২০০তকৈ অধিক লোক সন্ধানহীন হৈ আছে যদিও এতিয়ালৈকে সুৰংগটোৰ পৰা ১১জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ ২.৫ কিলোমিটাৰ দৈর্ঘ্যৰ পৰা ১১টা মৃতদেহৰ লগতে ২৭জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ সুৰংগটোৰ পৰা ১৫৩জন লোক সন্ধানহীন হৈছে৷ ইয়াৰ ভিতৰত ৪০–৫০জন লোক সুৰংগটোত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে৷ বাকীখিনি লোকক জলাধাৰে উটুৱাই নিয়া বুলি প্রাৰম্ভিকভাৱে সন্দেহ প্রকাশ কৰা হৈছে৷ আনপিনে আন এটা সুৰংগত ১৭৮জন লোক আছিল৷ ইয়াৰ ভিতৰত ১৫জনক কালি উদ্ধাৰ কৰা হৈছে৷ ৩৫জন লোকৰ ভিতৰত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে যদিও বাকীখিনিৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ৪ লাখকৈ ক্ষতিপূৰণ মুখ্যমন্ত্রীৰ, ২ লাখ প্রধানমন্ত্রীৰ
প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবর্গলৈ চাৰি লাখ টকা ক্ষতিপূৰণ আগবঢ়াইছে মুখ্যমন্ত্রী ৰাৱাটে৷ আনপিনে প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় সাহায্য পুঁজিৰ পৰা প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ দুই লাখ টকাৰ ক্ষতিপূৰণ আৰু গুৰুতৰভাৱে আহতক ৫০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে৷
উত্তৰাখণ্ডৰ সাংসদৰ সৈতে যোগাযোগ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
উত্তৰাখণ্ডৰ শোকাৱহ ঘটনাটোৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যখনৰ সাংসদৰ সৈতে অহৰহ বার্তালাপ কৰি আছে৷ তদুপৰি পৰিস্থিতি সন্দর্ভত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ৰাজ্যখনৰ সাংসদৰ সৈতে বার্তালাপ অব্যাহত ৰাখিছে৷
১৩খন গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন
প্রাকৃতিক দুর্যোগৰ ফলত ৰায়নি গাঁৱৰ দলং এখন সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ পৰিপ্রেক্ষিতত প্রায় ১৩খন গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ যোশীমঠত আই টি বি পিৰ এ ডি জি মনোজ ৰাৱাটে প্রকাশ কৰা মতে, মালাৰি, ঘনচালিকে ধৰি ১৩খন গাঁও এতিয়াও বিচ্ছিন্ন হৈ আছে৷ এই গাঁওকেইখনৰ বাসিন্দাক উদ্ধাৰৰ লগতে সাহায্যৰ বাবে এম আই–১৭ আৰু চিনুক হেলিকপ্ঢাৰ ব্যৱহাৰ কৰা হৈছে৷
ঋষিকেশ আৰু হৰিদ্বাৰত হাই এলার্ট
ভয়াৱহ প্রাকৃতিক দুর্যোগৰ প্রভাৱ পৰা নাই যদিও ঋষিকেশ আৰু হৰিদ্বাৰত এলার্ট জাৰি কৰা হৈছে৷ চৰকাৰী মুখপাত্রই প্রকাশ কৰা মতে, হিমবাহ বিস্ফোৰণ হোৱা অঞ্চলত জনবসতি ঘন নহয় যদিও এই অঞ্চলত কেইবাটাও বিদ্যুৎ প্রকল্প আছে৷ এই প্রকল্পকেইটা এই বিস্ফোৰণৰ ফলত ক্ষতিগ্রস্ত হৈছে৷ এনে কাৰণতে গংগা নদীৰ সমীপলৈ জনতাক নাযাবলৈ আহ্বান জনাইছে চৰকাৰে৷
উত্তৰাখণ্ডৰ উদ্ধাৰ অভিযানত সহায়ৰ বাবে সাজু ৰাষ্ট্রসংঘ
ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে চলি থকাৰ প্রসংগ উল্লেখ কৰি প্রয়োজন সাপেক্ষে এই উদ্ধাৰ অভিযানত ৰাষ্ট্রসংঘয়ো সহযোগ কৰিবলৈ সাজু হৈ আছে বুলি মন্তব্য কৰিছে৷ গুটেৰেছৰ মুখপাত্র ষ্টেফান ডুজাৰিকে প্রকাশ কৰা মতে, ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্ হিমবাহ বিস্ফোৰণত প্রাণ হেৰুওৱা লোকৰ বাবে গভীৰ শোক প্রকাশ কৰিছে আৰু এই অভিযানত সহায়ৰ বাবে ৰাষ্ট্রসংঘ সাজু আছে বুলিও প্রকাশ কৰিছে৷