নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ হাথৰাছত দুসপ্তাহ পূর্বে চাৰি দুর্বৃত্তই বলাৎকাৰ কৰা ১৯ বছৰীয়া দলিত সম্প্রদায়ৰ যুৱতী এগৰাকীৰ দিল্লীৰ এখন হাস্পতালত মৃত্যু হোৱা ঘটনাক কেন্দ্র কৰি বিক্ষোভত উত্তাল হৈছে দেশৰ ৰাজধানী মহানগৰখন৷ ১৪ ছেপ্ঢেম্বৰত উত্তৰ প্রদেশৰ হাথৰাছত এক খেতিপথাৰত কাম কৰিবলৈ যোৱা যুৱতীগৰাকীৰ ওপৰত পাশৱিক যৌন আতিশয্য চলাইছিল চাৰিটা দুর্বৃত্তই৷
ইতিমধ্যে আৰক্ষীয়ে দুর্বৃত্তকেইটাক গ্রেপ্তাৰ কৰিছে৷ মুমূর্ষু অৱস্থাত আলিগড়ৰ পৰা কালি দিল্লীৰ হাস্পতাললৈ অনা হৈছে যুৱীতগৰাকীক৷ লক্ষণীয়ভাৱে এই পাশৱিক ধর্ষণৰ ঘটনাৰ পিছতে বিৰোধী দলসমূহে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰিছে৷ আনকি দিল্লীৰ বিভিন্ন প্রান্তত কেইবাটাও সংগঠনে আজি সাব্যস্ত কৰিছে প্রতিবাদ৷